গুৱাহাটী, 18 জানুৱাৰীঃ গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত ভাৰত চৰকাৰৰ MSME ৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সন্মিলন । দেশ বিদেশৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে অসমৰ বস্ত্ৰ, থলুৱা সম্পদ, চৰকাৰী বিভাগৰ ভিন্ন সামগ্ৰী প্ৰদৰ্শন কৰা হয় এই সন্মিলনত ।
শীঘ্ৰে অত্যাধুনিক ৰূপ দিয়া হ'ব বৰঝাৰ বিমানবন্দৰ
মণিৰাম দেৱান ট্ৰেড চেন্টাৰত ভাৰত চৰকাৰৰ MSME ৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সন্মিলন ৷ সন্মিলনত অংশ গ্ৰহণ কৰা বৰঝাৰ আন্তৰ্জাতিক বিমানবন্দৰ প্ৰাধিকৰণে বিমানবন্দৰটো শীঘ্ৰে অতি অত্যাধুনিক ৰূপ দিয়া হ'ব মন্তব্য কৰে ৷
তাৰোপৰি বৰঝাৰ আন্তৰ্জাতিক বিমানবন্দৰ প্ৰাধিকৰণ কৰ্তৃপক্ষই অংশগ্ৰহণ কৰে এই সন্মিলনত । বিমানবন্দৰৰ বিভিন্ন দিশসমূহ ৰাইজক জনাই কৰ্তৃপক্ষই । ইফালে অনাগত দিনত হ'ব লগা বিমানবন্দৰৰ নতুন ৰূপটো বিশেষ ভাৱে প্ৰদৰ্শন কৰা হয় এই সন্মিলনত । শীঘ্ৰেই অত্যাধুনিক ৰূপ দিয়া হ'ব বৰঝাৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰক । ইতিমধ্যেই পূৰ্ণগতিত কাম চলি থকাৰ কথা জনাইছে বিমানবন্দৰ কৰ্তৃপক্ষই । উল্লেখ্য যে, ১৯ জানুৱাৰী দেওবাৰলৈ চলিব এই আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক সন্মিলনখন ।
আৰু পঢ়কঃ অসম আৰক্ষীত ৰদবদল