অসম

assam

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 2:58 PM IST

ETV Bharat / state

বাজেটত ধাৰ্য কৰা পুঁজিৰ চৰকাৰে আঠ মাহত ব্যয় কৰিলে ৪৩ শতাংশ

Budgeted funds Expenditure: ঋণৰ ওপৰত ঋণ লৈ নিৰ্ভৰশীল হৈ থকা চৰকাৰখনে মাজত মাত্ৰ তিনি মাহ সময় বাকী থকা অৱস্থাত বাজেট ধার্য পুঁজিৰ ৫০ শতাংশ ধনো ব্যয় কৰিবলৈ সক্ষম নহ’ল । চলিত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটত ব্যয়ৰ বাবে ধাৰ্য কৰা হৈছিল মুঠ ১,৪১,৫৭৯.২২ কোটি টকা । আঠটা মাহত ৰাজ্য চৰকাৰখনে বাজেট ধার্য পুঁজিৰ মাত্ৰ ৪৩ শতাংশ ধনহে ব্যয় কৰিবলৈ সক্ষম হৈছে । অৰ্থাৎ এতিয়ালৈকে বাজেট ধার্য পুঁজিৰ ব্যয় কৰা হৈছে ৬১৪৮৮.৬৮ কোটি টকাহে ৷

Assam govt Budget
অসম বাজেট 2023-24

গুৱাহাটী, ২৮ ডিচেম্বৰ : বিভিন্ন আঁচনি আৰু নিৰ্মাণকাৰ্যৰে চমক সৃষ্টি কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাজেটত ধাৰ্য কৰা পুঁজিৰ ৫০ শতাংশও ব্যয় কৰিবলৈ সক্ষম হোৱা নাই । চলিত বিত্তীয় বৰ্ষত ধাৰ্য কৰা বাজেটৰ ৪৩ শতাংশ পুঁজি বিগত আঠ মাহত ব্যয় কৰা হৈছে । ঋণৰ ওপৰত ঋণ লৈ নিৰ্ভৰশীল হৈ থকা চৰকাৰখনে মাজত মাত্ৰ তিনি মাহ সময় বাকী থকা অৱস্থাত বাজেট ধার্য পুঁজিৰ ৫০ শতাংশ ধনো ব্যয় কৰিবলৈ সক্ষম হোৱা নাই ।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী অধিসূচনা ফেব্ৰুৱাৰী মাহত জাৰি হোৱাৰ কথাৰ সম্ভাৱনা আছে । তেনেস্থলত ফেব্ৰুৱাৰীতে ৰাজ্যত নিৰ্বাচনী বিধি বলৱৎ হ’লে চৰকাৰখনে বাজেট ধার্য পুঁজি ব্যয় কৰিবলৈ অকল জানুৱাৰী মাহটোৱে পাব । সেইফালৰ পৰা চলিত বিত্তীয় বৰ্ষটোত ৰাজ্য চৰকাৰখনে বাজেট ধার্য পুঁজিৰ ৬০ শতাংশ ধনো যে ব্যয় কৰিব নোৱাৰাটো স্পষ্ট হৈ পৰিছে ।

অসম বাজেট 2023-24

লক্ষণীয় বিষয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চলিত বিত্তীয় বৰ্ষত বাজেট ধার্য পুঁজিৰ এশ শতাংশই বায় কৰিব বুলি পূৰ্বে ঘোষণা কৰিছিল । কিন্তু ফেব্ৰুৱাৰীত নিৰ্বাচনী অধিসূচনা জাৰি হ’লে ৰাজ্য চৰকাৰখনৰ বাবে এশ শতাংশ বাজেট ধার্য পুঁজি ব্যয় কৰাটো সম্ভৱ নহ’ব ।

উল্লেখ্য যে, অসম চৰকাৰে চলিত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটত মুঠ ১,৪১,৫৭৯.২২ কোটি টকা ব্যয়ৰ বাবে ধার্য কৰিছিল । বিগত আঠটা মাহত ৰাজ্য চৰকাৰখনে বাজেট ধার্য পুঁজিৰ মাত্ৰ ৪৩ শতাংশ ধনহে ব্যয় কৰিবলৈ সক্ষম হৈছে । অৰ্থাৎ এতিয়ালৈকে বাজেট ধার্য পুঁজিৰ ৬১৪৮৮.৬৮ কোটি টকাহে ব্যয় কৰা হৈছে ।

বাজেটৰ ৪৩ শতাংশ পুঁজি বিগত আঠ মাহত ব্যয়

ইয়াৰ ভিতৰত অসম চৰকাৰে মূলধনী শিতানত ব্যয় কৰে ৪৩.৯৯ শতাংশ ধন । চলিত বিত্তীয় বৰ্ষটোত অসম চৰকাৰে মূলধনী শিতানত ব্যয়ৰ বাবে ধার্য কৰিছিল ২৫,৭৮৪.৭৪ কোটি টকা । বিত্তীয় বৰ্ষটো শেষ হ’বলৈ মাজত মাত্ৰ তিনি মাহ বাকী থকা অৱস্থাত চৰকাৰখনে মূলধনী শিতানত ব্যয় কৰে মাহে ১১,৩৪২.৩৪ কোটি টকা ।

সেইদৰে চৰকাৰখনে ৰাজহ শিতানত ব্যয়ৰ বাবে ১,১৫,৫৯৬.১৬ কোটি টকা ধার্য কৰি আঠ মাহত ব্যয় কৰিবলৈ সক্ষম হয় ৫০,১২০.৬৮ কোটি টকা । অর্থাৎ বিগত আঠ মাহত অসম চৰকাৰে বাজেট ধার্য পুঁজিৰ যি ৪৩ শতাংশ ধন ব্যয় কৰিবলৈ সক্ষম হয় তাৰে অধিকাংশ ধন চৰকাৰী কৰ্মচাৰীৰ দৰমহা, পেন্সন, ঋণৰ সুত পৰিশোধ আদিতে ব্যয় কৰা হয় ৷ ৰাজ্যখনৰ উন্নয়নমূলক কামত অতি কম পৰিমাণৰ পুঁজিহে ব্যয় কৰা হৈছে ।

লগতে পঢ়ক :Assam govt debt: ৰাজ্যৰ প্ৰতিগৰাকী নাগৰিকৰ ওপৰত ৪০ হাজাৰ টকা ঋণৰ বোজা

তথ্য অনুসৰি চৰকাৰখনে ৰাজহ শিতানত ব্যয় কৰা ৫০,১২০.৬৮ কোটি টকাৰ ভিতৰত কাৰ্যালয় খৰচ, সভা-সমিতি আদি কেতবোৰ শিতানত ১১,৮০৯.৫৫ কোটি টকা, ঋণৰ সুত পৰিশোধত ৩,৮৭৩.১৭ কোটি টকা, দৰমহা-পেন্সনত ৩৪,২৫০.১৪ কোটি টকা ব্যয় কৰে ।

আনহাতে, চৰকাৰখনে চলিত বিত্তীয় বৰ্ষত সাধাৰণ খণ্ডত ৪৬,৬১২.৮৫ কোটি টকা ধার্য কৰি আঠ মাহত ২২,৩৬৮.৬৬ কোটি টকা ব্যয় কৰে । ইয়াৰে ভিতৰত ৰাজহ শিতানত ২০,৯৭১.৪২ কোটি টকা ব্যয়ৰ বিপৰীতে মূলধন শিতানত ব্যয় কৰে ১,৩৯৭.২৪ কোটি টকা ।

সেইদৰে সামাজিক খণ্ডত ৬০,৮৬৪.৩৬ কোটি টকা ধার্য কৰি ২১,৯৫৮.৫৭ কোটি টকা ব্যয় কৰে । ইয়াৰে ৰাজহ শিতানত ২০,০৬৭.১৪ কোটি ব্যয়ৰ বিপৰীতে মূলধন শিতানত ব্যয় কৰে মাত্ৰ ১,৮৯১.৪৩ কোটি টকা । আনহাতে, অর্থনৈতিক খণ্ডত ৩২,৯০০.৭১ কোটি টকা ধার্য কৰি ব্যয় কৰে ১২,৭৩৩.১৩ কোটি টকা ।

ইয়াৰে ৰাজহ শিতানত ৪,৬৭৯.৪৬ কোটি টকা ব্যয়ৰ বিপৰীতে মূলধন শিতানত ব্যয় কৰে ৮,০৫৩.৬৭ কোটি টকা । ইফালে চলিত বিত্তীয় বৰ্ষত অসম চৰকাৰে কৰ ৰাজহ হিচাপে ৬১,৯৫২.৫৫ কোটি টকা সংগ্ৰহৰ লক্ষ্য লৈ আঠ মাহত সংগ্ৰহ কৰিবলৈ সক্ষম হয় ২৯,১৪২.৯৫ কোটি টকা ।

ইয়াৰ ভিতৰত এছ জি এছ টি ৭,৪৩২.০২ কোটি টকা, ভূমি ৰাজহ ১১৩.৯৮ কোটি টকা, ষ্টাম্প আৰু পঞ্জীয়ন মাচুল ৩৩৯.৫১ কোটি টকা, আবকাৰী ৰাজহ ১,০৬৬.১৪ কোটি টকা, বিক্ৰী কৰ আদি ২,৯৩১.০৪ কোটি টকা, কেন্দ্ৰীয় কৰৰ অংশ হিচাপে ১৬,৫২৮.৫৮ কোটি টকা, অন্যান্য কৰ আৰু শুল্ক ৭৩১.৬৮ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

আনহাতে, অনাকৰ ৰাজহ হিচাপে ৰাজ্য চৰকাৰে ৭,০১০.৮৪ কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য লৈ বিগত আঠ মাহত সংগ্ৰহ কৰে ২,৪৮৮.৭০ কোটি টকা । চমক সৃষ্টিৰ দৌৰত থকা চৰকাৰখনে বাস্তৱত কিদৰে ৰাজ্যখনৰ উন্নয়ন সাধন কৰিছে ৷ সেয়া ইয়াৰ দ্বাৰা সহজতে অনুমান কৰিব পাৰি ।

লগতে পঢ়ক :নলবাৰীত কেন্দ্ৰীয়ভাৱে উদযাপন INC ৰ ১৩৯ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

ABOUT THE AUTHOR

...view details