অসম

assam

ETV Bharat / state

এগ্জিট প'ল প্ৰকাশ-প্ৰচাৰত নিষেধাজ্ঞা

নিৰ্বাচন প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে ২৭ মাৰ্চৰ পুৱা ৭ বজাৰ পৰা ২৯ এপ্ৰিলৰ সন্ধিয়া ৭.৩০ বজালৈকে এগ্‌জিট প’ল নিষিদ্ধ কৰিছে । এই সময়ছোৱাৰ ভিতৰত কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানে ছপা, বৈদ্যুতিন অথবা সামজিক মাধ্যমত নিৰ্বাচন সম্পৰ্কীয় কোনো ধৰণৰ এগ্‌জিত প’লৰ বাতৰি বা সমীক্ষা প্ৰচাৰ অথবা প্ৰকাশ কৰিব নেৱাৰিব ৷

By

Published : Apr 9, 2021, 10:43 PM IST

exit-poll-band
এগজিত প'ল প্ৰকাশ-প্ৰচাৰত নিষেধাজ্ঞা

গুৱাহাটী,৯ এপ্ৰিলঃ অসমৰ উপৰি পশ্চিমবংগকে ধৰি কেবাখনো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত ২৭ মাৰ্চৰ পৰা ২৯ এপ্ৰিললৈকে পৰ্যায়ক্ৰমে অনুষ্ঠিত হব সাধাৰণ আৰু উপ নিৰ্বাচন ৷ এনে পৰিপ্ৰেক্ষিতত ২৯ এপ্ৰিলৰ সন্ধিয়া ৭.৩০ বজালৈকে কোনো ব্যক্তি আথবা প্ৰতিষ্ঠানে প্ৰকাশ তথা প্ৰচাৰ কৰিব নোৱাৰিব কোনো ধৰণৰ এগ্‌জিট প’ল । নিৰ্বাচন প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা কৰাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগে ২৭ মাৰ্চৰ পুৱা ৭ বজাৰ পৰা ২৯ এপ্ৰিলৰ সন্ধিয়া ৭.৩০ বজালৈকে এগ্‌জিট প’ল নিষিদ্ধ কৰিছে ।

জন প্ৰতিনিধিত্ব আইন, ১৯৫১ৰ ১২৬(ক) ধাৰাৰ উপধাৰা (১) ৰ অধীনত তথা উপধাৰা (২) ৰ সৈতে সংগতি এই নিৰ্দেশনা জাৰি কৰিছে নিৰ্বাচন আয়োগে । এই সময়ছোৱাৰ ভিতৰত কোনো ব্যক্তি অথবা প্ৰতিষ্ঠানে ছপা, বৈদ্যুতিন অথবা সামজিক মাধ্যমত নিৰ্বাচন সম্পৰ্কীয় কোনো ধৰণৰ এগ্‌জিত প’লৰ বাতৰি বা সমীক্ষা প্ৰচাৰ অথবা প্ৰকাশ কৰিব নেৱাৰিব ৷ এনে কৰিলে নিৰ্বাচন আয়োগৰ আইন অনুসৰি শাস্তিমূলক ব্যৱস্থা হিচাপে জৰিমণা অথবা জৰিমণাবিহীন দুই বছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে ।

লগতে পঢ়ক :প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰি বন বিভাগত চমজাই দিলে সাহসী যুৱকে

ABOUT THE AUTHOR

...view details