গুৱাহাটী, 24 আগষ্ট: বিশিষ্ট চিত্রশিল্পী তথা অসম চাৰু কাৰু কলা পৰিষদৰ প্ৰতিষ্ঠাপক প্রয়াত নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিৰ চিত্ৰ প্রদর্শনী অনুষ্ঠান । বুধবাৰৰ পৰা 30 আগষ্টলৈ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত ৰাজ্যিক কলা বীথিকাত অনুষ্ঠিত হ’ব এই প্ৰদৰ্শনী । বুধবাৰে এই প্ৰদৰ্শনীখনৰ অনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট চিত্ৰশিল্পী ননী বৰপুজাৰী আৰু বিশিষ্ট চিত্ৰশিল্পী সমীৰণ বৰুৱাই ।
এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক মিনাক্ষী দাস, শিল্পী নীলপৱন বৰুৱাৰ ভাতৃ তথা প্ৰবন্ধকাৰ সুনীল পৱন বৰুৱা, চিত্ৰশিল্পী সমীৰণ বৰুৱা, বিশিষ্ট শিল্পী, লেখক লোকনাথ গোস্বামী, বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি ।
ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক মিনাক্ষী দাসে মন্তব্য কৰি কয়-নীলপৱন বৰুৱাৰ সৃষ্টি ৰাজি বিজ্ঞান সন্মতভাৱে কেনেকৈ সংৰক্ষণ কৰিব পাৰো তাৰ ওপৰত গুৰুত্ব দিয়া হ’ব । এই সংৰক্ষণ যাতে আমি সুন্দৰকৈ ৰাখিব পাৰো । তেতিয়াহে সঁচা অৰ্থত শিল্পীগৰাকীক প্ৰকৃত সন্মান কৰা হ’ব । তেওঁৰ চিত্ৰসমূহ যাতে আমি মানুহৰ মাজলৈ লৈ যাব পাৰো তাৰে প্ৰয়াস কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে ।