অসম

assam

ETV Bharat / state

Ashirbad Hazarika arrested: গ্ৰেপ্তাৰ হ’ল দৰঙৰ পলাতক অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা - দৰঙৰ পলাতক অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা

ঢেকীয়াজুলিৰ বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ লগত জড়িত থকা দৰঙৰ পলাতক আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ৰ পাছত বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰে পলাতক অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাই(Dhula Rape and Murder Case) ৷ আজি দুয়োকে হাজিৰ কৰা হ’ব গুৱাহাটীৰ বিশেষ ন্যায়িক আদালতত ।

Dhula Rape and Murder Case
গ্ৰেপ্তাৰ হ’ল দৰঙৰ পলাতক অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকা

By

Published : Nov 11, 2022, 10:54 AM IST

গুৱাহাটী, 11 নৱেম্বৰ:দৰঙৰ পলাতক অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাই অৱশেষত বৃহস্পতিবাৰে গুৱাহাটীৰ চি আই ডিৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে । দৰঙৰ ধূলাৰ ধৰ্ষণ-হত্যাকাণ্ড(Dhula Rape and Murder Case) প্ৰসংগত গ্ৰেপ্তাৰৰ ভয়ত পলাতক হৈ আছিল আশীৰ্বাদ হাজৰিকা । বুধবাৰে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে চিআইডিয়ে আশীৰ্বাদ হাজৰিকাক তলব কৰিছিল(CID Summons Executive Magistrate Ashirbad Hazarika) । চিআইডিয়ে গ্ৰেপ্তাৰ কৰি আশীৰ্বাদ হাজৰিকাৰ লগতে ধৃত ৰাজমোহন ৰায়ক অজি গুৱাহাটীৰ বিশেষ ন্যায়িক আদালতত হাজিৰ কৰিব ।

উল্লেখ্য যে, দৰঙৰ পলাতক আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ে বৃহস্পতিবাৰে সন্ধিয়া চিআইডিৰ ওচৰত আত্মসমৰ্পণ কৰিছিল । আত্মসমৰ্পণৰ পিছতে চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাজমোহন ৰায়ক । দৰঙৰ ধূলাৰ ধৰ্ষণ-হত্যাকাণ্ড প্ৰসংগত গ্ৰেপ্তাৰ হোৱাৰ ভয়ত পলাতক হৈ আছিল ৰাজমোহন । যোৱা বুধবাৰে চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে চিআইডিয়ে ৰাজমোহন ৰায় আৰু আশীৰ্বাদ হাজৰিকাক তলব কৰিছিল । তেওঁলোকে ঘটনাস্থলীত উপস্থিত নোহোৱাকৈয়ে ঢেকীয়াজুলিৰ বনকৰা কিশোৰীগৰাকীয়ে আত্মহত্যা কৰা বুলি প্ৰতিবেদনত উল্লেখ কৰিছিল ৷

ইতিমধ্যে অৰক্ষীয়ে অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাৰ মঙলদৈত থকা ভাড়াঘৰ যোৱা বুধবাৰে ছীল কৰিছে । দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাক বুধবাৰে দিনৰ ১১ বজাত চিআইডিৰ গুৱাহাটীৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে তেওঁৰ মঙলদৈ আৰু গুৱাহাটীৰ লংকেশ্বৰত থকা ঘৰলৈ জাননী দিয়া হৈছিল । কিন্তু আশীৰ্বাদ হাজৰিকাই জাননীৰ কোনো উত্তৰ নিদিয়াৰ বাবে চিআইডিয়ে অতিৰিক্ত জিলা দণ্ডাধীশ আশীৰ্বাদ হাজৰিকাৰ মঙলদৈত থকা ভাৰাঘৰ ছীল কৰিছিল ।

উল্লেখ্য যে, ঢেকীয়াজুলিৰ বনকৰা কিশোৰীগৰাকীৰ মৃত্যুৰ ঘটনাক লৈ ইতিমধ্যে দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে । লগতে এই ঘটনাৰ অভিযোগত ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উৎপল বৰা আৰু তিনিগৰাকী চিকিৎসকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে আদালতত কেচ ডায়েৰী প্ৰদান কৰিবলৈ চিআইডিক নিৰ্দেশ দিছে ।

দৰঙৰ নিলম্বিত অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকন ন্যায়িক জিম্মাত আছে । ৰূপম ফুকনে ডেৰ লাখ টকা উৎকোচ লৈ ঢেকীয়াজুলিৰ বনকৰা কিশোৰীৰ মৃত্যুৰ ঘটনাক বিপথে পৰিচালিত কৰাৰ চি আইডিয়ে অভিযোগ লাভ কৰিছিল । আনহাতে চিআইডিয়ে গ্ৰেপ্তাৰ কৰা ৩ চিকিৎসক ১৪ দিনৰ ন্যায়িক জিম্মাত আছে ।

লগতে পঢ়ক :Dhula teenager murder case: গ্ৰেপ্তাৰ হ’ল পলাতক এছ পি ৰাজমোহন ৰায়

ABOUT THE AUTHOR

...view details