অসম

assam

ETV Bharat / state

শিশুৰ মনত কিয় বৃদ্ধি পাইছে অৱৰাধ প্ৰৱণতা ? বহু প্ৰশ্নৰ উত্তৰ দিলে ৰূপা হাজৰিকাই - শিশুৰ মানসিক অৱস্থা

নগাঁৱৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য । শিশুসকলৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা অপৰাধ প্ৰৱণতাই সকলোকে উদ্বিগ্ন কৰি তোলিছে । শিশুসকলৰ মাজত বৃদ্ধি পোৱা অপৰাধ প্ৰৱণতাকে ধৰি সামাজিক প্ৰেক্ষাপটৰ বিভিন্ন দিশ সামৰি বহু প্ৰশ্নৰ উত্তৰ দিলে ৰূপা হাজৰিকাই । ক'লে হত্যাকাণ্ডত অভিযুক্ত তিনি শিশুৰ মানসিক অৱস্থাৰ কথা ।

exclusive interview with Rupa Hazarika
শিশুৰ মনত কিয় বৃদ্ধি পাইছে অৱৰাধ প্ৰৱণতা ?

By

Published : Oct 30, 2021, 8:16 PM IST

গুৱাহাটী, ৩০ অক্টোবৰ : শিশুসকলৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা অপৰাধ প্ৰৱণতাই সকলোকে উদ্বিগ্ন কৰি তোলিছে । বিশেষকৈ শেহতীয়াকৈ নগাঁও জিলাৰ কলিয়াবৰ আৰক্ষী থানাৰ অন্তগত মাখাউঘাটত সংঘটিত হোৱা ঘটনাই বহু প্ৰশ্নৰ অৱতাৰণা কৰিছে । যিটো ঘটনাত দুটি এঘাৰ বছৰীয়া আৰু এটি আঠ বছৰীয়া শিশুৱে অতি নিৰ্মমভাৱে হত্যা কৰিছিল নিজৰে ছয় বছৰীয়া সমনীয়া কন্যা শিশুক ।

শিশুৰ মনত কিয় বৃদ্ধি পাইছে অৱৰাধ প্ৰৱণতা ?

ম'বাইলত অশালীন ভিডিঅ’ নোচোৱাৰ বাবেই ছয় বছৰীয়া কন্যা শিশুটিক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে । ১৮ অক্টোবৰত সংঘটিত হোৱা এই নিৰ্মম হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ সমাজ ব্যৱস্থাটোকে জোকাৰি গৈছিল । ঘটনাটোক কোনেও সহজভাৱে ল'ব পৰা নাছিল ।

লগতে পঢ়ক:অসম দেশৰ বিষম কথা : খাজানা দিয়ে অসমীয়াই মাটি ভোগ কৰে বাংলাদেশীয়ে

শিশুসকলৰ মাজত এনেধৰণৰ অপৰাধমূলক মানসিকতা গঢ় লৈ উঠা বিষয়টোকলৈ শংকিত হৈ পৰিছে ৰাজ্যৰ সচেতন মহল । ইফালে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ এটা তিনিজনীয়া দলে ২৩ অক্টোবৰত নগাঁও জিলাৰ কলিয়াবৰ আৰক্ষী থানাৰ অন্তগত মাখাউঘাট নামৰ গাঁওখন ভ্রমণ কৰি বিগত ১৮
অক্টোবৰত সংঘটিত হোৱা সমস্ত ঘটনাৰ বুজ লয় । দলটোৱে জিলা আৰক্ষী অধীক্ষক, মহকুমাধিপতি, জিলা শিশু সুৰক্ষা গােটৰ বিষয়াসকলক সাক্ষাৎ কৰি ঘটনাৰ সবিশেষ বুজ লয় ।

তদুপৰি সেই অঞ্চলৰ সামাজিক অৱস্থাৰ, ভুক্তভােগীৰ পাৰিবাৰিক অৱস্থাৰাে বুজ লয় । নগাঁৱৰ ঘটনাকে ধৰি শিশুসকলৰ মাজত গঢ় লৈ উঠা অপৰাধ প্ৰৱণতা আৰু সামাজিক প্ৰেক্ষাপট সন্দৰ্ভত ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ সদস্যা ৰূপা হাজৰিকাই ক'লে বহু গুৰুত্বপূৰ্ণ কথা । লগতে ক'লে হত্যাকাণ্ডত অভিযুক্ত তিনি শিশুৰ মানসিক অৱস্থাৰ কথা ।

লগতে পঢ়ক:অভিশপ্ত ৩০ অক্টোবৰ : মুক্তি পাব নেকি মূল অভিযুক্ত ৰঞ্জন দৈমাৰীয়ে !

ABOUT THE AUTHOR

...view details