গুৱাহাটী, 25 মে’: প্ৰাথমিক শিক্ষাই হৈছে এগৰাকী শিক্ষাৰ্থী বা শিশুৰ আনুষ্ঠানিক শিক্ষা আহৰণৰ মূল ভেঁটি । প্ৰাথমিক শিক্ষাৰ ওপৰতেই নিৰ্ভৰ কৰে এখন ৰাজ্যৰ, দেশৰ শিক্ষা ব্যৱস্থা । অথচ এই প্ৰাথমিক শিক্ষা ব্যৱস্থাকে যেন গুৰুত্ব প্ৰদানত কৃপণালি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে । বছৰ বছৰ ধৰি শাসনৰ গাদীত বহা প্ৰতিটো দলৰ চৰকাৰেই প্ৰাথমিক বিদ্যালয়ৰ প্ৰতি অৱহেলাৰ দৃষ্টিভংগী গ্ৰহণ কৰি আহিছে । যাৰ বাবে হয়তো আজিৰ তাৰিখত বহুত অভিভাৱকে চৰকাৰী প্ৰাথমিক বিদ্যালয়ত নিজৰ সন্তানক পঢ়ুৱাব নিবিচাৰে । ফলত এতিয়া ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠিছে ব্যক্তিগত বিদ্যালয় (primary school teachers protest in Assam)।
অসমৰ প্ৰাথমিক বিদ্যালয়সমূহ কি কি সমস্যাৰ মাজেৰে চলি আছে, সেই বিষয়ে জানিবলৈ ইটিভি ভাৰতৰ সাংবাদিক কাষ চাপিছিল অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীৰ । এক আছুতীয়া সাক্ষাৎকাৰত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামীয়ে অসমৰ প্ৰাথমিক বিদ্যালয় কি কি সমস্যাৰ মাজেৰে চলি আছে তাৰ বিতং ব্যাখ্যা আগবঢ়াইছে (Problems in govt primary schools) ।
ৰাতুল চন্দ্ৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে, অসমত বৰ্তমান 36,234 খন প্ৰাথমিক বিদ্যালয় আছে । এই প্ৰাথমিক বিদ্যালয়বোৰত 1 লাখ 10 হাজাৰ জন শিক্ষক-শিক্ষয়িত্ৰী কৰ্মৰত হৈ আছে । ইয়াৰে 20 হাজাৰ জন ঠিকাভিত্তিক শিক্ষক-শিক্ষয়িত্ৰী । এই প্ৰাথমিক বিদ্যালয়বোৰত অসমৰ 40 লাখ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰে । কিন্তু ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়বোৰত নাই কোনো প্ৰধান শিক্ষক । ৰাজ্যৰ 36,234 খন প্ৰাথমিক বিদ্যালয়ৰ ভিতৰত 3000 খন প্ৰাথমিক বিদ্যালয়ত আছে এজন শিক্ষক । দুজন শিক্ষক থকা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা হৈছে 19,000 খন (Assam education system) ।