অসম

assam

ETV Bharat / state

Bhupen Bora exclusive: হিমন্ত বিশ্ব শৰ্মাক সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ আঁৰৰ ব্যক্তি আখ্যা ভূপেন বৰাৰ

কাৰ স্বাৰ্থত অসমত সমষ্টি পুনৰ নিৰ্ধাৰণ ? সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ অসম প্ৰদেশ কংগ্ৰেছৰ কি স্থিতি ? নিৰ্বাচন আয়োগে ছীল-মোহৰহে মাৰিছে খচৰাত ৷ সমষ্টি নিৰ্ধাৰণৰ খচৰাৰ আঁৰৰ ব্যক্তি মুখ্যমন্ত্ৰীহে বুলি কিয় ক’লে ভূপেন বৰাই ? অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ সৈতে বিশেষ সাক্ষাৎকাৰ

By

Published : Jun 23, 2023, 9:20 PM IST

constituency delimitation
exclusive interview with APCC President

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ সৈতে বিশেষ সাক্ষাৎকাৰ

গুৱাহাটী, ২৩ জুন:যোৱা মঙলবাৰে সন্ধিয়া প্ৰকাশ পালে অসমৰ সীমা নিৰ্ধাৰণৰ খচৰা ৷ তাৰ পাচতেই বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল তথা সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ ৰাজনৈতিক নেতাসকলে নিজ নিজ অনুভৱ ব্যক্ত কৰিছে এই খচৰাক লৈ ৷ খচৰা অনুসৰি লোকসভা আৰু বিধানসভাৰ সমষ্টি একেই থাকিব যদিও ব্যাপক সাল-সলনি হ’ব সমষ্টিৰ সীমাৰ ৷ কেইবাটাও বিধানসভা সমষ্টি বিলুপ্তি ঘটাই নতুন সমষ্টি গঠনৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হৈছে ৷ একেদৰে কলিয়াবৰ লোকসভা সমষ্টিৰ বিলুপ্তি ঘটাই নতুনকৈ কাজিৰঙা সমষ্টি গঠনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷

ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ প্ৰায়কেইজন কংগ্ৰেছ নেতাই দাবী কৰিছে যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা বিজেপিৰ ইচ্ছামতে হৈছে এই খচৰা ৷ হিমন্ত বিশ্ব শৰ্মাই নিজৰ আশে-পাশে থকা কেইজনমান নেতাক সুৰক্ষা দিয়াৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে কেইবাজনো কংগ্ৰেছ নেতাই ৷ এই সমগ্ৰ বিষয়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইটিভি ভাৰতৰ সমুখত ৷

তেওঁ কয় যে, সমষ্টি পুনৰ নিৰ্ধাৰণে কংগ্ৰেছক বিশেষ প্ৰভাৱিত নকৰে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ দুই এজন অনুগতক ৰাজনৈতিকভাৱে সুৰক্ষিত কৰাৰ স্বাৰ্থতেই এই খচৰা প্ৰস্তুত কৰোৱাইছে ৷ কিন্তু ইয়াৰ দ্বাৰা লাভৱান হ’ব কংগ্ৰেছ ৷ পাঁচখন আসনত ৱাকঅভাৰ পোৱা বুলি খচৰা প্ৰকাশৰ পিচ দিনাই উল্লেখ কৰিছিল ৷ একেই কথা দোহাৰিলে সভাপতিগৰাকীয়ে ৷ গৌৰৱ গগৈয়ে কাজিৰঙাৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’লেও বিজয়ী হ’ব বুলি আওপকীয়াকৈ উল্লেখ কৰে ভূপেন কুমাৰ বৰাই ৷

বাৰম্বাৰ তেওঁ এটা কথা উল্লেখ কৰে যে, সকলো হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমতেই হৈছে ৷ নিৰ্বাচন আয়োগে মাত্ৰ ছীল-মোহৰহে মাৰিছে ৷ সংখ্যালঘু ভোটাৰৰ বিষয় সন্দৰ্ভত তেওঁ কয় যে, অসমৰ মানুহে অকল জাত-পাত চাই ভোট দিয়া বুলি ক’লে অপমান কৰা হ’ব ৷ 2014 চনত বিজেপিৰ শ্ৰুতিমধুৰ বক্তব্যৰ বাবেহে ৰাইজ মোহিত হৈছিল বুলি উল্লেখ কৰে ভূপেন কুমাৰ বৰাই ৷

লগতে পঢ়ক:Constituency delimitation: আমগুৰি সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে ক্ষোভ জনতাৰ; বিধায়কক সকীয়নি

ABOUT THE AUTHOR

...view details