অসম

assam

ETV Bharat / state

চীন-ভাৰতৰ সংঘাতঃ ব্ৰিগেডিয়াৰ ৰঞ্জিৎ বৰঠাকুৰৰে ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ - ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

লাডাখৰ ঘটনাই চীন-ভাৰতৰ মাজত আকৌ এখন যুদ্ধৰ ইংগিত দিছে নেকি ? ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ব্ৰিগেডিয়াৰ বৰঠাকুৰে কি ক'লে ? চাওক এই প্ৰতিবেদন...

as_ghy_01_brig_ranjit_borthakur_one_to_one_7206058
as_ghy_01_brig_ranjit_borthakur_one_to_one_7206058

By

Published : Jun 20, 2020, 3:54 PM IST

Updated : Jun 20, 2020, 10:49 PM IST

গুৱাহাটী, ২০ জুনঃ লাডাখৰ ঘটনাই ভাৰতক বহুত কথাই নতুনকৈ ভাৱিবলৈ শিকালে নেকি ? এই সময়ত ভাৰতে কুটনৈতিকভাৱেই হওক বা সামৰিকভাৱেই হওক কেনে পদক্ষেপ গ্ৰহণ কৰিব পাৰে ? সমগ্ৰ দেশত এই মুহূৰ্তত চীনা সৈন্যই ভাৰতীয় সেনাৰ ওপৰত চলোৱা বৰ্বৰোচিত হত্যাকাণ্ডৰ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । অৱসৰপ্ৰাপ্ত সেনা বিষয়া,সু-লেখক,অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ব্ৰিগেডিয়াৰ ৰঞ্জিৎ বৰঠাকুৰৰ মতে এইবাৰৰ এনে ঘটনা কিন্তু মুঠেও সহজে ল'ব পৰা ঘটনা নহয় ।

ব্ৰিগেডিয়াৰ ৰঞ্জিৎ বৰঠাকুৰৰে ই টিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ
ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ব্ৰিগেডিয়াৰ বৰঠাকুৰে কয় যে, পূৰ্বতেও সীমান্তত চীন আৰু ভাৰতৰ সেনাৰ মাজত কেতবোৰ বিক্ষিপ্ত ঘটনা ঘটিছিল আৰু প্ৰতিবাৰে কুটনৈতিকভাৱে সেইবোৰৰ সমাধান সুত্ৰ নিৰ্ণয় কৰা হৈছিল । কিন্তু এইবাৰ পৰিৱেশ-পৰিস্থিতি তেনেকুৱা নহয় । ব্ৰিগেডিয়াৰ বৰঠাকুৰে আৰু এটা গুৰুত্বপূৰ্ণ দিশ আঙুলিয়াই কয় যে, এইবাৰ চীনা সৈন্যই লাডাখত ভাৰতীয় সেনাৰ ওপৰত চলোৱা আক্ৰমণৰ সময়তো মন কৰিবলগীয়া । যিসময়ত COVIDক লৈ ভাৰতৰ লগতে সমগ্ৰ বিশ্ব ব্যস্ত হৈ আছে সেই সময়তে চীনে সম্পূৰ্ণ পৰিকল্পিতভাবে এই ঘটনা সংঘটিত কৰিছে ।
যুদ্ধই দুয়োখন দেশৰে অৰ্থনীতিত প্ৰচুৰ ক্ষতিসাধন কৰিবঃব্ৰিগেডিয়াৰ ৰঞ্জিৎ বৰঠাকুৰ
তেওঁ আৰু কয় যে,চীনৰ ৰাষ্ট্ৰপতি গৰাকী দেশখনৰ সেনা বাহিনীৰ মুৰব্বী আৰু সেই সুত্ৰেই তেওঁৰ পৰিকল্পনা মতেই আক্ৰমণৰ বাবে হয়তো এনে এক স্পৰ্শকাতৰ সময় বাচি লোৱা হৈছে । অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীয়ে তেওঁৰ অভিজ্ঞতাৰ আধাৰত এই বুলিও কয় যে, এইবাৰৰ পৰিস্থিতি কিন্তু পূৰ্বৰ দৰে নহয় । গতিকে দুয়ো দেশৰ মাজত এক যুদ্ধ হ'লেও হয়তো আচৰিত হবলগীয়া একো নাথাকিব । কিন্তু এই কথাও ঠিক যে, যুদ্ধই দুয়োখন দেশৰে অৰ্থনীতিত প্ৰচুৰ ক্ষতিসাধন কৰিব ।
Last Updated : Jun 20, 2020, 10:49 PM IST

ABOUT THE AUTHOR

...view details