অসম

assam

ETV Bharat / state

গুৱাহাটীত আবকাৰী বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ সুৰা - excise mission

গুৱাহাটীত আবকাৰী বিভাগে এক বৃহৎ অভিযান চলাই বশিষ্ঠৰ ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ এটা তলাবন্ধ কোঠাত ৯ কার্টন বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰা উদ্ধাৰ কৰে । উলুবাৰীৰ কছাৰীবস্তি, ভূতনাথ আৰু মালিগাঁৱৰ গোশালাত চলোৱা অভিযানত প্ৰায় ১১০ লিটাৰ দেশীয় সুৰা আৰু দুই কাৰ্টন বিদেশী সুৰা জব্দ ।

excise raid against illegal liquor
গুৱাহাটীত আবকাৰী বিভাগৰ অভিযানত

By

Published : Jun 4, 2021, 11:07 PM IST

গুৱাহাটী , ৪ জুন:ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে গুৱাহাটী মহানগৰীত একাংশ লোকে কৌশলেৰে চলাই আছে দেশী-বিদেশী সুৰাৰ অবৈধ বেহা ৷ এনে অবৈধ বেহা বন্ধ কৰিবলৈ কামৰূপ মহানগৰ জিলাৰ আবকাৰী অধীক্ষক মানৱী দাস আৰু উপ আবকাৰী অধীক্ষক মৌচুমী কোঁৱৰে দিয়া নিৰ্দেশৰ ভিত্তিত গুৱাহাটী আবকাৰী বিভাগে মহানগৰীৰ বিভিন্ন অঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে এক অভিযান চলায়।

আবকাৰী বিভাগৰ সূত্ৰই সদৰি কৰা অনুসৰি, গুৱাহাটী সদৰৰ আবকাৰী পৰিদৰ্শকদ্বয় গোবৰ্ধন ডেকা আৰু দিব্যপ্ৰতীম বৰাৰ নেতৃত্বত চলোৱা অভিযানত বশিষ্ঠ চাৰিআলিৰ ওজা হোণ্ডাই আৰু সুৰেশ ধাবাৰ সমীপৰ ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ এটা তলা বন্ধ কোঠাত ৯ কার্টন বিভিন্ন ব্ৰেণ্ডৰ বিদেশী সুৰা জব্দ কৰে। জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ৮০ হাজাৰ টকা। সুৰাখিনি সুৰেশ ধাবাত কৌশলেৰে বিক্ৰী কৰিবলৈ অনা বুলি আবকাৰী বিভাগে সন্দেহ প্ৰকাশ কৰিছে ।

তদুপৰি উলুবাৰীৰ কছাৰীবস্তি, ভূতনাথ আৰু মালিগাঁৱৰ গোশালাত চলোৱা অভিযানত প্ৰায় ১১০ লিটাৰ দেশীয় সুৰা আৰু দুই কাৰ্টন বিদেশী সুৰা জব্দ কৰা হয় । অৱশ্যে অভিযানকাৰী দলটোৱে এই সন্দৰ্ভত কোনো লোককে আটক কৰা নাই বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, গুৱাহাটী মহানগৰীত ড্ৰাগছৰ লগতে সুৰাৰ বিৰুদ্ধে অব্যাহত আছে অভিযান ।

লগতে পঢ়ক: ৰাজ্য চৰকাৰে সাল-সলনি কৰিলে ক’ভিডৰ নীতি নিৰ্দেশনা

ABOUT THE AUTHOR

...view details