গুৱাহাটী, 30 মে':লকডাউনৰ মাজতে বৃহস্পতিবাৰে নিশা মহানগৰীত তাণ্ডৱ সৃষ্টি কৰি "টাইকা" নামৰ এখন বাৰৰ মালিক আৰক্ষীৰ জালত পৰা ঘটনাই লৈছে নতুন মোৰ ৷ লকডাউন বাহাল থকাৰ সময়তে সান্ধ্য আইন ভংগ কৰি মহানগৰীৰ জি এছ ৰোডত "টাইকা" নামৰ এই বাৰখন কি দৰে খোলা আছিল তাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ সংবাদ মাধ্যমত উক্ত ঘটনা সন্দৰ্ভত বহু বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে শনিবাৰে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ মন্ত্ৰীগৰাকীয়ে জনোৱা অনুসৰি লকডাউনৰ নিয়ম ভংগ কৰি বাৰখন খোলা ৰখাৰ অভিযোগত ইতিমধ্যে উক্ত বাৰখনৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে ।
অতি গুৰুত্বপূৰ্ণ যে, "টাইকা" নামৰ উক্ত বাৰখনৰ অনুজ্ঞাপত্ৰ আছে মাজুলী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী, জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাজীৱলোচন পেগুৰ নামত ৷ অৰ্থাৎ বাৰখনৰ স্বত্বাধিকাৰী হৈছে প্ৰাক্তন মন্ত্ৰী পেগু । এই কথা প্ৰকাশ কৰিছে আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ তেনেক্ষেত্ৰত চৰকাৰৰ নিৰ্দেশনা ভংগ কৰি কেনেকৈ এই বাৰখন লকডাউনৰ সময়ত খোলা ৰখা হৈছিল সেয়াহে ডাঙৰ প্ৰশ্ন । ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷