গুৱাহাটী, 26 ছেপ্টেম্বৰ :ৰাজ্যত অব্যাহত আছে অপৰাধ তথা অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ, চুলাই মদ তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি ৷ আনকি চলিত বৰ্ষতে অসম আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে বহু অপৰাধী ৷
প্ৰাপ্ত তথ্য অনুসৰি, মহানগৰীৰ অলিয়ে-গলিয়ে গঢ়ি উঠিছে অবৈধ চুলাই মদৰ ঘাটি ৷ মহানগৰীৰ অলিয়ে-গলিয়ে গঢ়ি উঠা এই ঘাটিসমূহ উৎখাত কৰাৰ বাবে পুনৰ তৎপৰ হৈছে আবকাৰী বিভাগ । ইয়াৰে অংশস্বৰূপে মহানগৰীৰ বোন্দা-চপাইদাং-বীৰকুছি আদি অঞ্চলত শনি আৰু দেওবাৰে চুলাই মদ ব্যৱসায়ীৰ বিৰুদ্ধে আবকাৰী বিভাগে অতৰ্কিতে চলাই এক অভিযান ।
মহানগৰীৰ পাৰ্শ্বৱৰ্তী চন্দ্ৰপুৰৰ প্ৰাগজ্যোতিষপুৰ খণ্ডৰ আবকাৰী বিভাগৰ এটি দলে চুলাই মদৰ ঘাটি বিচাৰি প্ৰথমে হাজংবৰী প্ৰেমনগৰ অঞ্চলত চলাই অভিযান ৷ এই অভিযানত ৫০ লিটাৰ চুলাই মদৰ লগতে বৃহৎ পৰিমাণৰ বাখৰ জব্দ কৰিবলৈ সক্ষম হয় । ইয়াৰ পিছতে অভিযানকাৰী দলটোৱে বোন্দা-বীৰকুছি আদি অঞ্চলত থকা কেইবাটাও চুলাই মদৰ ঘাটিত চলাই অভিযান ৷