গুৱাহাটী, 2 অক্টোবৰ: ধাৰত পোত যোৱা অৰ্থনীতি টনকিয়ালৰ নতুন কিটিপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ ঋণৰ ওপৰত ঋণ লৈ ধাৰত পোত যোৱা অসম চৰকাৰৰ এতিয়া ৰাজহ সংগ্ৰহৰ লক্ষ্য হৈ পৰিছে সুৰা । বৰ্তমান সময়ত যেন ৰাজ্য চৰকাৰৰ ৰাজহৰ অন্যতম উৎস হৈছে আবকাৰী কৰ ।
কোভিডৰ(Covid 19) দুবছৰীয়া অচলাৱস্থা পৰিস্থিতিৰ বাবে দেউলীয়া হৈ পৰা ৰাজ্যৰ অৰ্থনীতি পুনৰুদ্ধাৰৰ বাবে চৰকাৰে অব্যাহত ৰাখিছে প্ৰচেষ্টা, অথচ হিতাধিকাৰী আঁচনিসমূহ কাৰ্যক্ষম কৰি ৰাখিবলৈ ঋণৰ উপৰি ঋণ ল'বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে । লক্ষণীয় বিষয় যে ভোটাৰ ৰাইজক সন্তুষ্ট কৰাৰ স্বাৰ্থত এখনৰ পাছত আনখনকৈ হিতাধিকাৰী আঁচনি গ্ৰহণ কৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে ধাৰ-ঋণ লৈ তৎ নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে ।
চৰকাৰী তথ্য মতে ৰাজ্য চৰকাৰৰ ধাৰে স্পৰ্শ কৰিছে প্ৰায় ১ লাখ ১২ হাজাৰ কোটি টকা । এই মুহূৰ্তত ৰাজ্য চৰকাৰে ঋণৰ বিপৰীতে ৭৫৩৩ কোটি টকা বাৰ্ষিক সুদ পৰিশোধ কৰিবলগীয়া হৈছে । এনে প্ৰেক্ষাপটত ৰাজহ ঘাটি জোৰা মাৰিবলৈ চৰকাৰখনে ৰাইজৰ মূৰত মাধমাৰ শোধাই কৰ বৃদ্ধি কৰাৰ বাহিৰে যেন বিকল্প পথ নোহোৱা হৈ পৰিছে ।
ইফালে কৰ বৃদ্ধিৰ উপৰি বৰ্তমান পৰিস্থিতিত চৰকাৰৰ কোষাগাৰৰ বাবে পৰোক্ষ কৰ হিচাপে আবকাৰী ৰাজহেই অন্যতম চালিকা শক্তি হিচাবে বিবেচিত হৈছে । ৰাজকোষৰ তলি উদং হোৱা এনে অর্থনৈতিক মন্দাৰ দিনত ৰাজ্য চৰকাৰে আবকাৰী ৰাজহ ঘাটি বৃদ্ধিৰ বাবে গাঁও-চহৰৰ অলিয়ে গলিয়ে ৱাইন শ্বপ খোলাৰ বিশেষ আঁচনি গ্ৰহণ কৰিছে । অর্থাৎ ৰাজ্যখনত সুৰাৰ বন্যা বোৱাই সুৰাপায়ীক দিনে-নিশাই আকণ্ঠ পানৰ সুযোগ দিয়াৰ লক্ষ্যৰে আবকাৰী বিভাগে ৰাজ্যত নতুনকৈ ৭০০ খন ৱাইন শ্বপক অনুজ্ঞাপত্ৰ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে (State govt will licensed 700 wine shops) ।