গুৱাহাটী, ২৮ ফেব্ৰুৱাৰী: এতিয়াৰে পৰা আৰু ৰাজ্য চৰকাৰৰ কোনো বিভাগেই তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ বাবে নিজাববীয়াকৈ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰিব বা নিযুক্তি দিব নোৱাৰিব । ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰা এক সিদ্ধান্তৰ আধাৰত সকলো বিভাগৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ নিযুক্তিৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে এখন বিশেষ আয়োগ ।
সেই আয়োগেহে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদৰ নিয়োগ সম্পৰ্কীয় বিষয়সমূহ চোৱাচিতা কৰিব । আনহাতে, ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগৰ এক সূত্ৰৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি অসম লোকসেৱা আয়োগে যিসমূহ পদৰ বাবে বিগত সময়ছোৱাত পৰীক্ষা অনুষ্ঠিত কৰি আহিছিল, শেহতীয়াকৈ আয়োগৰ সেই পৰিসৰো বৃদ্ধি কৰাৰ ব্যৱস্থা কৰা হৈছে ।
ৰাজ্যিক কেবিনেটে ইতিমধ্যে "সংযুক্ত প্ৰতিযোগিতা পৰীক্ষা নিয়ম ২০২২"(Govt new role of cometitive exam 2022) ত অনুমোদন জনাইছে । সেই অনুসৰি পূৰ্বতে লোকসেৱা আয়োগে ১৯ টা ভিন ভিন সেৱা আৰু পদৰ বাবে সংযুক্ত পৰীক্ষা অনুষ্ঠিত কৰি আহিছিল । সেইসমূহৰ ভিতৰত আছে এ চি এছ(ACS), এ পি এছ(APS), পৰিবহন বিষয়া, কৰ বিষয়া আদি ।