অসম

assam

উচ্চতৰ মাধ্যমিকৰ উচ্চস্তৰীয় কমিটিয়ে দাখিল কৰিলে প্ৰতিবেদন

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ আৰ্হি প্ৰস্তুতৰ বাবে চৰকাৰে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটিয়ে আজি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত অন্তিম লানি বৈঠকত মিলিত হয় । দীঘলীয়া আলোচনাৰ ‍অন্তত প্ৰস্তুত কৰা প্ৰতিবেদন আজি কমিটিয়ে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুক অৰ্পন কৰে । CBSC আৰু আন ৰাজ্যৰ ব’ৰ্ড তথা কাউঞ্চিলৰ পদ্ধতিৰ আধাৰত পৰীক্ষাৰ ফলাফল ঘোষণাৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে ।

By

Published : Jun 25, 2021, 10:25 PM IST

Published : Jun 25, 2021, 10:25 PM IST

ETV Bharat / state

উচ্চতৰ মাধ্যমিকৰ উচ্চস্তৰীয় কমিটিয়ে দাখিল কৰিলে প্ৰতিবেদন

report submit by committee
উচ্চতৰ মাধ্যমিকৰ উচ্চস্তৰীয় কমিটিয়ে দাখিল কৰিলে প্ৰতিবেদন

গুৱাহাটী, ২৫ জুন : উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত এইবাৰ শীৰ্ষস্থান থাকিব নে নাই সেই কথা এতিয়াও নিশ্চিত হোৱা নাই । অৱশ্যে এই বিষয়টো নিৰ্ভৰ কৰিব চৰকাৰৰ সিদ্ধান্তৰ ওপৰত । উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ মূল্যায়নৰ বাবে গঠিত উচ্চস্তৰীয় কমিটিয়ে (High level committee) প্ৰতিবেদনত স্থানৰ প্ৰসংগত পৰামৰ্শ আগবঢ়াইছে । এইক্ষেত্রত সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে ।

উল্লেখ যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ(HS final exam) ফলাফল ঘোষণাৰ আৰ্হি প্ৰস্তুতৰ বাবে চৰকাৰে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটিয়ে শুকুৰবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত অন্তিমলানি বৈঠকত মিলিত হয় । দীঘলীয়া আলোচনাৰ ‍অন্তত প্ৰস্তুত কৰা প্ৰতিবেদন কমিটিয়ে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুক অৰ্পন কৰে । উল্লেখ্য যে ক’ভিডৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ১৮ জুনত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল । ইয়াৰ পাছতে দুয়োটা পৰীক্ষাৰ মূল্যায়নৰ বাবে ফর্মূলা উদ্ভাৱন কৰিবলৈ দুখন উচ্চস্তৰীয় কমিটী গঠন কৰা হৈছিল ।

উচ্চতৰ মাধ্যমিকৰ উচ্চস্তৰীয় কমিটিয়ে দাখিল কৰিলে প্ৰতিবেদন

ইতিমধ্যে বৃহস্পতিবাৰে মেট্ৰিক পৰীক্ষাৰ মূল্যায়নৰ বাবে গঠন কৰা কমিটিয়ে প্ৰতিবেদন দাখিল কৰে । ইফালে উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ মূল্যায়নৰ বাবে কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত ৯ জনীয়া কমিটিখনে শুকুৰবাৰে প্ৰতিবেদন দাখিলৰ পূৰ্বে ২২ জুনত প্ৰথমখন বৈঠক অনুষ্ঠিত কৰিছিল । শুকুৰবাৰে পুনৰ বৈঠকত মিলিত হৈ কমিটিখনে প্ৰতিবেদন প্ৰস্তুত কৰি শিক্ষামন্ত্রীক প্ৰদান কৰে ।

শিক্ষাবিদ ড৹ দীপক কুমাৰ শৰ্মাই জনোৱা মতে চি বি এছ ই(CBSE) আৰু আন ৰাজ্যৰ ব’ৰ্ড তথা কাউঞ্চিলৰ পদ্ধতিৰ আধাৰত পৰীক্ষাৰ ফলাফল ঘোষণাৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছে । শিক্ষাৰ্থীসকলৰ স্বাৰ্থ সুৰক্ষিত হোৱাকৈ প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে । আনহাতে, ফলাফলৰ ক্ষেত্রত মেট্ৰিক পৰীক্ষাৰ(HSLC) নম্বৰৰ লগতে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ধাৰাবাহিক মূল্যায়নক গুৰুত্ব দিয়া হৈছে । যাতে শিক্ষাৰ্থীসকল কোনো কাৰণতে বঞ্চিত নহয় ।

কলা, বিজ্ঞান, বাণিজ্য আৰু কাৰিকৰী শাখাৰ ফলাফল সুকীয়া হ’ব । তদুপৰি অনিয়মীয়া শিক্ষাৰ্থীৰ ক্ষেত্রতো প্ৰতিবেদনত পৰামৰ্শ আগবঢ়োৱা হৈছে । শীৰ্ষস্থানৰ ক্ষেত্রত প্ৰতিবেদনত পৰামৰ্শ আগবঢ়োৱা হৈছে যদিও চৰকাৰে গ্ৰহণ কৰিলে থাকিব আৰু গ্ৰহণ নকৰিলে নাথাকে বুলি জানিবলৈ দিয়ে ড০ দীপক কুমাৰ শৰ্মাই ।

উল্লেখ যে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত কমিটিখনত সদস্য হিচাপে আছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, উচ্চতৰ শিক্ষাৰ যুটীয়া সচিব নিবেদিতা লস্কৰ, বি বৰুৱা কলেজৰ অধ্যক্ষ ড০ এছ এন বৰ্মন, নগাঁও কলেজৰ অধ্যক্ষ ড০ এছ বৰকটকী, ধুবুৰী বয়ছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ইদ্ৰিছ আলী, শিলচৰৰ নৰসিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰতন পাল, ডিব্ৰুগড়ৰ বিদ্যালয় পৰিদৰ্শক দীপিকা চৌধুৰী আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ(Assam Higher Secondary Education Council) সচিব ৰমেশ চন্দ্ৰ চুতীয়া ।

লগতে পঢ়ক:কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি ?

ABOUT THE AUTHOR

...view details