গুৱাহাটী, 12 নৱেম্বৰ : উচ্চতৰ মাধ্যমিকৰ ২০২২ বৰ্ষৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষাৰ্থী সকলৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰিছে বিশেষ জাননী । উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া শিক্ষার্থীৰ পৰীক্ষা আৰু কেন্দ্ৰৰ মাচুল ৰেহাই দিছে ৰাজ্য চৰকাৰে । চৰকাৰী, প্ৰাদেশীকৃত অথবা স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষার্থী সকলেহে এই মাচুল ৰেহাই পাব ।
লগতে পঢ়ক :তিনি মাহত ক’ভিডত মৃত্যু হোৱা লোকৰ 72 শতাংশই লোৱা নাছিল ভেকচিন