গুৱাহাটী, 16 ফেব্ৰুৱাৰী: প্ৰতীক হাজেলাৰ পৰা আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই মাহে 16 লাখকৈ টকা লোৱাৰ গুৰুতৰ অভিযোগ এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ । সামাজিক মাধ্যমত হিতেশ দেৱ শৰ্মাৰ বিস্ফোৰক অভিযোগ । হিতেশ দেৱ শৰ্মাই অসত্য কথা কোৱা বুলি দাবী কৰি হিতেশ দেৱ শৰ্মাৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰাৰ কথা সদৰী সমুজ্জ্বল ভট্টাচাৰ্যৰ (Allegation against Samujjal Bhattacharya)।
অসমৰ দীৰ্ঘদিনীয়া জ্বলন্ত বিদেশী সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী চমুকৈ এন আৰ চিক লৈ (NRC ASSAM) অসমবাসী আশাবাদী আছিল যদিও আজিও সমগ্ৰ প্ৰক্ৰিয়াটো এক নুবুজা সাঁথৰ হৈয়ে ৰ’ল । আশা কৰা হৈছিল এন আৰ চিৰ যোগেদি অসম অবৈধ বাংলাদেশী মুক্ত হ'ব । বহু অপেক্ষাৰ অন্তত অসমে এখন এন আৰ চি লাভ কৰিলে যদিও লাভ নকৰিলে কোনো ফলাফল । NRC খনৰ আঁৰত যেন সকলো দল-সংগঠনে নিজৰ স্বাৰ্থ পূৰণ কৰিলে । তাৰেই আভাস দিছে এন আৰ চিৰ অৱসৰপ্ৰাপ্ত ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই ( Hitesh Dev Sarma) ।
উল্লেখ্য যে, 31 জুলাইত এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্বৰ পৰা অৱসৰ গ্ৰহণৰ পাচতে আগষ্ট মাহত কেতবোৰ বিস্ফোৰক মন্তব্য আগবঢ়োৱা হিতেশ দেৱ শৰ্মাই পুনৰ সামাজিক মাধ্যম যোগে আন কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে । এইবাৰ তেওঁ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । কোন সঁচা নাইবা কোন মিছা সেয়া সময়েহে ক'ব যদিও হিতেশ দেৱ শৰ্মাই আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰা পাচতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া (Samujjal Bhattacharya NRC News) ৷
হিতেশ দেৱ শৰ্মাৰ অভিযোগ অনুসৰি পূৰ্বৰ এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাৰ পৰা মাহে সমুজ্জ্বল ভট্টাচাৰ্যই 16 লাখকৈ টকা লৈছিল । কেলেংকাৰীৰ ভাগ হিচাপে এই ধন লৈছিল বুলি উল্লেখ কৰি ইয়াক অৱশ্যে তেওঁ বজাৰৰ খবৰ আখ্যা দিয়ে । সত্যাসত্য নাজানো বুলিও উল্লেখ কৰিছে তেওঁৰ ফেচবুক প’ষ্টটোত । কিন্তু কেলেংকাৰীৰ তদন্ত হ'লে সকলো গম পোৱা যাব বুলি তেওঁ কৌশলেৰে কথাখিনি সামাজিক মাধ্যমত লিখিছে ।
দুটাকৈ দিয়া প’ষ্টৰ প্ৰথমটোত তেওঁ লিখিছে, ‘‘আঢ়ৈ বছৰত বেছি সময় মই এন আৰ চিৰ সমন্বয়ক হৈ আছিলো । বেছ দীঘলীয়া সময় । আছুৰ নেতৃত্বই মোক এবাৰো লগ নকৰিলে । অথচ ময়েই এন আৰ চিৰ সকলো কেলেংকাৰী ফাদিল কৰিছিলো । প্ৰতীক হাজেলা সমন্বয়ক থাকোঁতে প্ৰায়েই সন্ধিয়া সমুজ্জ্বল ভট্টাচাৰ্যই এন আৰ চি কাৰ্যালয়লৈ গৈছিল । কিহৰ বাবে ? বজাৰৰ খবৰ, সমুজ্জ্বল ভট্টাচাৰ্যই প্ৰতীক হাজেলাৰ পৰা কেলেংকাৰীৰ ভাগ হিচাবে মাহে ১৬ লাখ টকা লৈছিল । সত্যাসত্য নাজানো । কেলেংকাৰীৰ তদন্ত হ'লে হয়তো গম পোৱা যাব (Samujjal took money from Prateek Hajela) ।’’
লগতে তেওঁ লিখিছে, ‘‘কিন্তু এটা কথা সত্য যে হাজেলাই এন আৰ চিৰ পুনৰীক্ষণ বিচৰা নাছিল, সমুজ্জ্বল ভট্টাচাৰ্যয়ো পৰিপুৰক তালিকা প্ৰকাশৰ আগলৈকে এন আৰ চিৰ পুনৰীক্ষণ বিচৰা নাছিল । একে নাৱৰ যাত্ৰী ?’’
আন এটা প’ষ্টত হিতেশ দেৱ শৰ্মাই লিখিছে, ‘‘আছুৰ নেতৃত্বই প্ৰতীক হাজেলাক মনে প্ৰাণে ভাল পায় । মই এন আৰ চিৰ Executive Director ৰ পদৰ পৰা ওলাই আহিছিলো, এন আৰ চিত হোৱা খেলিমেলিৰ প্ৰতিবাদত । 2017 চনৰ মাজভাগৰ কথা । এদিন আছুৰ উপদেষ্টা বসন্ত ডেকাক ফোন কৰি কলোঁ এন আৰ চিত হোৱা খেলিমেলিৰ প্ৰতিবাদ কৰিবলৈ । আচৰিত ভাৱে উত্তৰ আহিল,‘‘আপুনি এতিয়া এন আৰ চিত নাই, গতিকে এন আৰ চিৰ ওপৰত একো নক’ব । বিশেষকৈ প্ৰতীক হাজেলাৰ বিৰুদ্ধে একো কথা নক’ব । তেওঁ এজন ভাল বিষয়া ।’’ এই ভালোবাসাবোৰৰ কাৰণ ৰাইজে বুজিব ।’’