অসম

assam

ETV Bharat / state

প্ৰদীপ দত্ত ৰয়ে আইছিছৰ সহায়ত কাম কৰি আছে : শিলাদিত্য দেৱ - Leader of barak democratic front

বহু চৰ্চিত বৰাক ডেমোক্ৰেটিক ফ্ৰন্টৰ নেতা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে মাত মাতিছে বি জে পিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে ৷ শনিবাৰে এক সংবাদমেলৰ জৰিয়তে প্ৰদীপ দত্ত ৰয়ে ব্যক্তিস্বাৰ্থ পূৰ্ণ কৰাৰ বাবে ইছলামীক সংন্ত্ৰাসবাদী সংগঠন আইছিছ (Islamic state) ৰ সহায়ত কাম কৰি আছে বুলি মন্তব্য কৰে ৷

Pradeep Dutt roy is working for ISIS
পুনৰ চৰ্চাত বি জে পিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ

By

Published : Nov 27, 2021, 10:31 PM IST

গুৱাহাটী, 27 নৱেম্বৰ :পুনৰ চৰ্চাত বি জে পিৰ প্ৰাক্তন বিধায়কশিলাদিত্য দেৱ (EX BJP MLA Siladitya Deb) l ৷ বি জে পিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে মুখ খুলিছে এইবাৰ বৰাক ডেমোক্ৰেটিক ফ্ৰন্টৰ নেতা প্ৰদীপ দত্ত ৰয়ৰ বিৰুদ্ধে ৷ বৰাক ডেমোক্ৰেটিক ফ্ৰন্টৰ নেতা প্ৰদীপ দত্ত ৰয়ে (Leader of barak democratic front) ব্যক্তিস্বাৰ্থ পূৰ্ণ কৰাৰ বাবে ইছলামিক সংন্ত্ৰাসবাদী সংগঠন আইছিছ (Islamic terrorist group isis) ৰ সহায়ত বৰাকত বিভেদৰ ৰাজনীতি কৰি আছে ৷ শনিবাৰে এই বুলি অভিযোগ উত্থাপন কৰিছে বি জে পিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে ৷

শনিবাৰে দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এক সংবাদমেলত শিলাদিত্য দেৱে এই গুৰুতৰ অভিযোগ কৰি কয় যে, প্ৰদীপ দত্ত ৰয়ে অসম তথা বৰাকত ভাষাৰ নামত বিভেদৰ ৰাজনীতি কৰাৰ বাবে গভীৰ ষড়যন্ত্ৰত নামি পৰিছে । বৰাকত বৰাক ডেমোক্ৰেটিক ফ্ৰন্ট গঠন কৰি প্ৰদীপ দত্ত ৰয়ে বৰাকৰ অসমীয়া সমাজ আৰু হিন্দু সমাজৰ মাজত ভাষাৰ নামত বিভেদ সৃষ্টি কৰাৰ বাবে এক এজেণ্ডা লৈ কাম কৰি আছে । প্ৰদীপ দত্ত ৰয়ে বঙালী আৰু অসমীয়া মানুহৰ মাজত থকা সাতামপুৰুষীয়া সম্প্ৰীতি ধ্বংস কৰাৰ বাবে অভিসন্ধি চলাই আছে ।

লগতে শনিবাৰৰ এই সংবাদমেলতে শিলাদিত্য দেৱে অসম চৰকাৰক প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই ৷ উল্লেখ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰদীপ দত্ত ৰয়ক গুৱাহাটীত আয়োজিত এখন সংবাদমেলৰ জৰিয়তে বে-আইনী কামৰ পৰা বিৰত থকাৰ বাবে সকিয়নী দিছিল(CM Himanta Warned Pradeep Dutta Roy) ৷ ইয়াৰ পিছতে শনিবাৰে হঠাৎ শিলচৰত কছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বহু বিতৰ্কিত বাঙালী নেতা প্ৰদীপ দত্ত ৰয়ক ।

লগতে পঢ়ক :Pradeep Dutta Roy arrested : মুখ্যমন্ত্ৰীৰ সকিয়নীৰ পিছতে কাছাৰ আৰক্ষীয়ে দেখুৱালে তৎপৰতা

ABOUT THE AUTHOR

...view details