গুৱাহাটী, 25 মে’:বহিঃৰাজ্যৰ পৰা প্ৰত্যাৱৰ্তন কৰা অসমৰ লোকসকলক চৰকাৰে কোৱাৰেন্টাইনৰ নামত ন্যূনতম সেৱাখিনিও আগবঢ়োৱাত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে বিভিন্ন প্ৰান্তৰ পৰা । আনকি 14 মে'ত চেন্নাইৰ পৰা অসমলৈ উভতি অহা যুৱকৰ দল এটাই একমাত্ৰ চৰকাৰৰ ভুল নীতি, সমন্বয়হীনতা আৰু উপযুক্ত পৰিকল্পনাৰ অভাৱতে 51 ঘণ্টা জীয়াতু ভুগিবলগীয়া হৈছিল ।
মুখ্যমন্ত্ৰীৰ একালৰ সতীৰ্থ তথা প্ৰাক্তন মন্ত্ৰী জগদীশ ভূঞাই একেৰাহে তিনিদিন ধৰি ব্যক্তিগতভাৱে চলোৱা চেষ্টাৰ পিছতহে লোককেইজনে কোৱাৰেন্টাইন কেন্দ্ৰত আশ্ৰয় পাবলৈ সক্ষম হয় । ইয়াৰ পিছতে ভূঞাই সমস্ত ঘটনা বৰ্ণনা কৰি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে এখন দীঘলীয়া পত্ৰ । এই সমস্ত ঘটনাৰ বিৱৰণী ইটিভি ভাৰতকো ব্যক্ত কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে ।