গুৱাহাটী, 23 মে,: সমাগত বাৰিষা ৷ বাৰিষাৰ সময়ছোৱাত বিভিন্ন সমস্যাৰে জৰ্জৰিত গুৱাহাটী মহানগৰীৰ অন্যতম প্ৰধান সমস্যা হৈ পৰে কৃত্ৰিম বানপানী ৷ এই কৃত্ৰিম বানপানীৰ ৰোধ নোহোৱা সম্পৰ্কত এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে গুৱাহাটী মহানগৰীৰ প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়াই ৷ প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়াই মন্তব্য কৰা অনুসৰি ঠিকাদাৰৰ গাফিলটিৰ বাবেই সমাধা নহয় মহানগৰীৰ কৃত্ৰিম বনপানীৰ সমস্যা ৷ 25 শতাংশ কাম কৰি 100 শতাংশৰ বিল লয় ঠিকাদাৰ সকলে ৷ ইয়াৰ উপৰিও প্ৰশাসনিক বিষয়া সকলে ঠিকাদাৰৰ কামৰ ওপৰত চকু নিদিলে মহানহৰীৰ কৃত্ৰিম বানপানীৰ সমস্যা অধিক ভয়াবহ হ'ব পাৰে বুলি মন্তব্য কৰে গুৱাহাটী মহানগৰীৰ প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়াই ৷
উল্লেখ্য যে, গুৱাহাটী মহানগৰীৰ মেয়ৰৰ পদত অধীনস্থ হৈ থকা সময়ত মৃগেন শৰণীয়াই মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ ওপৰত আৰোপ কৰিছিল বিশেষ গুৰুত্ব ৷ তেখেতৰ প্ৰচেষ্টাত গুৱাহাটীৰ কৃত্ৰিম বানপানী ৰোধৰ বাবে 2018-19 বৰ্ষত হাতত লোৱা হৈছিল 78 কোটি টকাৰ এক পেকেজ ৷ এই ধনেৰে মহানগৰীৰ বিভিন্ন নল নৰ্মদা আৰু 5 খনকৈ নৈ খনন আৰু মেৰামতিৰ কাম আৰম্ভ কৰা হৈছিল ৷ প্ৰথম বছৰ কাম সঠিক ভাবে চলিছিল যদিও মেয়ৰ মৃগেন শৰণীয়াৰ কাৰ্যকাল সমাপ্ত ঘটাৰ পিছৰে পৰা মেয়ৰহীন গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানী ৰোধৰ কামৰ লগত জড়িত ঠিকাদাৰ সকলে চলাইছে ময়মতালি ৷ এই বিষয়ে সকলো জনালে প্ৰাক্তন মেয়ৰ মৃগেন শৰণীয়াই ৷