অসম

assam

By

Published : Jan 31, 2020, 6:54 PM IST

ETV Bharat / state

অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ আই পি এছ বিষয়া পল্লৱ ভট্টাচাৰ্য

অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পদত অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া পল্লৱ ভট্টাচাৰ্যক নিযুক্তি ৷ লগতে আয়োগৰ সদস্য ৰূপে নিযুক্তি দিয়া হৈছে অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সঞ্জীৱ গোহাঁই বৰুৱা আৰু গুৱাহাটীৰ এছ বি দেওৰা কলেজৰ উপাধ্যক্ষ নিৰঞ্জন কলিতাক ৷

Ex IPS Pallab Bhatacharya appointed new Chairman of  Assam Public Service Commission
আই পি এছ বিষয়া পল্লৱ ভট্টাচাৰ্যক লোকসেৱা আয়োগৰ অধ্যক্ষ নিযুক্তি

গুৱাহাটী, ৩১ জানুৱাৰীঃঅসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰূপে শুকুৰবাৰে নিযুক্তি দিয়া হৈছে অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া পল্লৱ ভট্টাচাৰ্যক । সুদীৰ্ঘ সময় বিশেষ শাখাৰ আৰক্ষী সঞ্চালক প্ৰধানৰ পদমৰ্যদাৰে কাৰ্যনিৰ্বাহ কৰি ভট্টাচাৰ্যই অৱসৰ গ্ৰহণ কৰিছিল । ৰাষ্ট্ৰপতি আৰু ৰাজ্যপালৰ অনুমোদনৰ পিছত শুকুৰবাৰে তেওঁক আনুষ্ঠানিকভাৱে অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি দিয়া হয় । ইয়াৰ উপৰিও অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া সঞ্জীৱ গোহাঁই বৰুৱা আৰু গুৱাহাটীৰ এছ বি দেওৰা কলেজৰ উপাধ্যক্ষ নিৰঞ্জন কলিতাক আয়োগৰ সদস্য ৰূপে নিযুক্তি দিয়া হৈছে ।

For All Latest Updates

ABOUT THE AUTHOR

...view details