গুৱাহাটী, 20 মে’: ৰাজ্যজুৰি অব্যাহত আছে দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খনন কাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ । জৈৱ বৈচিত্ৰৰে ভৰপূৰ অভয়াৰণ্যখনৰ ৰক্ষাৰ হকে ইতিমধ্যে ৰাজ্যৰ ছাত্ৰসমাজে আৰম্ভ কৰিছে অনলাইন আন্দোলন । গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰসমাজৰ #SaveDehingPatkai শীৰ্ষক অভিযানক সমৰ্থন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।
অসমৰ সম্পদক ধ্বংস কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে যুঁজ দি যাব বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । পূৱৰ আমাজন ৰূপে খ্যাত দিহিং পাটকাইত মুখ্যমন্ত্ৰী হৈ থকা সময়ৰ পৰাই কয়লা খননৰ বিৰোধিতা কৰি আহিছিল বুলিও মন্তব্য কৰে তেওঁ ।