গুৱাহাটী, 24 অক্টোবৰঃ "ছবিখন প্ৰথমৰ পৰা শেষলৈ বৰ ফুৰ্তিৰে চালো"-পি ভি আৰ চিনেমা হলত সপত্নীক উপস্থিত হৈ ৰত্নাকৰ ছবি উপভোগ কৰাৰ পাছত এই মন্তব্য কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ সম্পূৰ্ণ কৈ ছবি চোৱাৰ অভ্যাস নথকা তৰুণ গগৈয়ে প্ৰথমৰ পৰা শেষলৈ থাকি উপভোগ কৰিলে অভিলেখ সৃষ্টি কৰা অসমীয়া ছবিখন ৷ অভিনয়,চিত্ৰগ্ৰহণৰ পৰা দৃশ্যগ্ৰহণৰ স্থানলৈকে চিনেমাখনৰ সকলো দিশে আকৰ্ষিত কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক ৷ ছবিখনত অভিনয় কৰা প্ৰতিজন কলা কুশলীক প্ৰশংসা কৰাৰ লগতে অসমীয়া ছবিৰ ভাল দিন ঘূৰাই আনিবলৈ অসমৰ প্ৰতিখন জিলাৰ মহকুমা সমূহত ছবি ঘৰ নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তাৰ কথা ব্যক্ত কৰিলে তৰুণ গগৈয়ে ৷
"ৰত্নাকৰ" উপভোগ কৰি আপ্লুত তৰুণ গগৈ - পি ভি আৰ চিনেমা হল
সম্পূৰ্ণ কৈ ছবি চোৱাৰ অভ্যাস নথকা তৰুণ গগৈয়ে পি ভি আৰ চিনেমা হলত সপত্নীক উপভোগ কৰিলে "ৰত্নাকৰ"৷ ছবি খনত অভিনয় কৰা প্ৰতিজন কলা কুশলীক প্ৰশংসা কৰাৰ লগতে অসমীয়া ছবিৰ ভাল দিন ঘূৰাই আনিবলৈ অসমৰ প্ৰতিখন জিলাৰ মহকুমা সমূহত ছবি ঘৰ নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তাৰ কথা ব্যক্ত কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে ৷
চিনেমা হলত সপত্নীক তৰুণ গগৈ