বৰঝাৰ, ১ মাৰ্চঃ অসমৰ এগৰাকী অন্যতম শক্তিশালী মন্ত্ৰী তথা বৰ্তমান চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা তেঁওৰে এগৰাকী প্ৰাক্তন সংগীৰ । শুকুৰবাৰে গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত হিমন্ত বিশ্ব শৰ্মাক এগৰাকী বহুমুখী ব্যক্তি বুলি উল্লেখ কৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।
হিমন্ত বিশ্ব শৰ্মা এগৰাকী বহুমুখী প্ৰতিভাশালী ব্যক্তিঃ তৰুণ গগৈ - Assam Ex CM
যুদ্ধ কোনো কাৰণতে ভাল লক্ষণ নহয় বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ
ৰাজধানী নতুন দিল্লীৰ পৰা পোনে পোনে আহি গুৱাহাটীত উপস্থিত হোৱাৰ পাচতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এইদৰে প্ৰকাশ কৰে তিনি দশক অসমক প্ৰতিনিধিত্ব কৰা ৰাজ্যৰ বিজ্ঞ তথা জ্যেষ্ঠ ৰাজনীতিজ্ঞজনে । হিমন্ত বিশ্ব শৰ্মা বাংলাদেশীৰ ৰক্ষক বুলি কোৱাৰ লগতে অসমলৈ বাংলাদেশী আনি তেঁও বাংলাদেশীৰ মুখ্যমন্ত্ৰী হ'ব বিছাৰিছে বুলিও তীৰ্যক মন্তব্য প্ৰদান কৰে তৰুণ গগৈয়ে ।
আনহাতে ভাৰত-পাকিস্তানৰ মাজত উদ্ভৱ হোৱা শেহতীয়া পৰিস্থিতি সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধৰ পৰিস্থিতি কোনো কাৰণতে শুভলক্ষণ নহয় বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । তেঁওৰ মতে যুদ্ধৰ ফলত অনাহকত অৰ্থ আৰু মানৱ সম্পদৰ ক্ষতি হয় । তাৰ পৰিৱৰ্তে ভাৰতবৰ্ষই পাকিস্তানৰ ওপৰত অন্যান্য আমোলাতান্ত্ৰিক আৰু সামৰিক কূটকৌশলেৰে হেঁচা প্ৰয়োগ কৰাটোহে দেশৰ বাবে উল্লেখনীয় বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।