গুৱাহাটী,6 জানুৱাৰীঃ 5 জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ টি-২০ খেলখন বৰষুণৰ বাবে অনুষ্ঠিত নোহোৱাত অসম চৰকাৰ আৰু অসম ক্ৰিকেট সন্থা সন্মুখীন হৈছে তীব্ৰ সমালোচনাৰ । প্ৰতিকূল বতৰকো নেওচি ক্ৰিকেটপ্ৰেমী অসমবাসী ৰাইজে ৰৈ আছিল ষ্টেডিয়ামত ৷ কিন্তু ক্ৰিকেট ফিল্ডৰ পিট্চ শুকুৱাবলৈ অসম ক্ৰিকেট সন্থাই হেয়াৰড্ৰায়াৰ আৰু ইস্ত্ৰি ব্যৱহাৰ কৰা দৃশ্যই এতিয়া সামাজিক মাধ্যমত হাঁহিয়াতৰ পাত্ৰ সজাইছে অসম ক্ৰিকেট সন্থাক ।
সোমবাৰে অসম ক্ৰিকেট সন্থাৰ এই অদ্ভুত ব্যৱস্থাক লৈ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৰাজ্য চৰকাৰ আৰু অসম ক্ৰিকেট সন্থাক আক্ৰমণ কৰি কয়, "আমি নিৰ্মাণ কৰি দিয়া ষ্টেডিয়ামৰ পিটচখনকে বৰষুণৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে এইখন চৰকাৰে । অসম চৰকাৰ পিটচখন ভালকৈ ঢাকিব নোৱাৰাৰ ফলত সমগ্ৰ বিশ্ববাসীৰ ওচৰত লজ্জানত কৰিলে অসমবাসীক ।" এই ঘটনাৰ তদন্তৰ দাবীও জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ।