গুৱাহাটী, 26 অক্টোবৰঃকংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত বহুচৰ্চিত মিত্ৰতাক লৈ ৰাজ্যৰ ৰাজনৈতিক মহলত বিভিন্ন সময়ত চৰ্চা লাভ কৰাৰ সময়তেই শনিবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি ২০২১ ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত মিত্ৰতা হোৱাটো ৯০ শতাংশ নিশ্চিত বুলি ঘোষণা কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে পূৰ্বেও এ আই ইউ ডি এফৰ লগত মিত্ৰতাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছিল যদিও তেওঁ প্ৰস্তাৱটোক সমৰ্থন কৰা নাছিল আৰু মিত্ৰতা সম্পন্ন হোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰি আহিছিল। কিন্তু বৰ্তমান তেওঁ এই ক্ষেত্ৰত অন্তৰায় নহয় বুলি মন্তব্য কৰি কয়,"যদি নিখিল ভাৰত কংগ্ৰেছ কমিটি আৰু প্ৰদেশ কংগ্ৰেছে পুনৰ এ আই ইউ ডি এফৰ লগত প্ৰাক-নিৰ্বাচনী বা নিৰ্বাচনোত্তৰ মিত্ৰতা,যিকোনো ধৰণৰ মিত্ৰতাৰ বাবে যদি আগ্ৰহ প্ৰকাশ কৰে তেন্তে তেওঁ মই কোনো বাধা প্ৰদান নকৰো ৷" তেওঁ লগতে কয় যে দলে আগবঢ়োৱা যিকোনো দায়িত্ব তেওঁ ল'বলৈ প্ৰস্তুত ৷ এইক্ষেত্ৰত আনকি দলে বিচাৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হ'বলৈও তেওঁ প্ৰস্তুত বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
কংগ্ৰেছ-এ আই ইউ ডি এফৰ মাজত মিত্ৰতাৰ প্ৰধান অন্তৰায় মই আছিলোঃ তৰুণ গগৈ - Tarun Gogoi on Haryana-Maharastra assembly election result
শনিবাৰে গুৱাহাটীত সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ তেওঁ লগতে সদ্যঘোষিত মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এক বিশ্লেষণ দাঙি ধৰে ৷
কংগ্ৰেছ-এ আই ইউ ডি এফৰ মাজত মিত্ৰতাৰ প্ৰধান অন্তৰায় মই আছিলোঃ তৰুণ গগৈ
কংগ্ৰেছ-এ আই ইউ ডি এফৰ মাজত মিত্ৰতাৰ প্ৰধান অন্তৰায় মই আছিলোঃ তৰুণ গগৈ
ইফালে হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু দেশৰ বিভিন্ন প্ৰান্তৰ হোৱা উপ-নিৰ্বাচনৰ ফলাফলে মোদীৰ অশ্বমেধ ঘোঁৰা স্থবিৰ কৰিলে বুলিও মন্তব্য প্ৰকাশ কৰি গগৈয়ে কয় ভাৰতৰ মানুহক আৱেগিক কৰি ভোট ল'ব নোৱাৰি ৷ দুই ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ এক ইংগিত বহন কৰিছে বুলি মত ব্যক্ত কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
আৰু চাওকঃ শ্বহীদ কুশল কোঁৱৰক ভাৰত ৰত্ন দিয়াৰ দাবী প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ