গুৱাহটী, 5 ছেপ্তেম্বৰ: শুকুৰবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত । মগজুৰ ৰক্তক্ষৰণ( মাইল্ড ষ্ট্ৰ’ক) হৈ হৰ্ঠাৎ অসুস্থ হৈ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছিল মহানগৰীৰ ডাউন টাউন চিকিৎসালয়ত ৷
সুস্থিৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্য - Ex-CM of Assam, Prafulla Mahanta is out of danger
মগজুৰ ৰক্তক্ষৰণ( মাইল্ড ষ্ট্ৰ’ক ) হৈ শুক্ৰবাৰে নিশা হৰ্ঠাৎ অসুস্থ হৈ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ স্বাস্থ্যৰ অৱস্থিতি সুস্থিৰ হোৱাৰ লগতে বৰ্তমান বিপদমুক্ত ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ঘনিষ্ঠ সূত্ৰই সদৰী কৰিলে এই তথ্য ৷

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত বিপদমুক্ত বুলি জনালে চিকিৎসকে
হৰ্ঠাৎ অসুস্থ হৈ পৰা মহন্তক চিকিৎসালয়ৰ আই চি ইউত ৰাখি বিশেষ চিকিৎসকৰ দলৰ দ্বাৰা প্ৰদান কৰা হৈছে উন্নত চিকিৎসা ৷ শনিবাৰে চিকিৎসালয় কৰ্তৃপক্ষৰে যোগাযোগ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ ঘনিষ্ঠ সূত্ৰই জানিবলৈ দিয়া মতে, মহন্তৰ স্বাস্থ্যৰ অৱস্থিতি সুস্থিৰ হোৱাৰ লগতে বৰ্তমান বিপদমুক্ত ৷
লগতে পঢ়কঃচীনা সৈন্যৰ হাতত বন্দী অৰুণাচলী যুৱক