অসম

assam

ETV Bharat / state

মুখ্যমন্ত্ৰীৰ পথ প্ৰদৰ্শক মোডী নে অমিত শ্বাহ নিশ্চিত কৰক : তৰুণ গগৈ - কংগ্ৰেছ

মোহন ভাগৱতে এন আৰ চিৰ ক্ষেত্ৰত কৰিছে বিভাজনৰ ৰাজনীতি ৷ ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ বাবে দায়ী জিন্না আৰু আৰ এছ এছ ৷ অসমত 'এডভাণ্টেজ আছাম' হোৱা নাই 'ডিছএডভাণ্টেজ আছাম' হে হৈছে । সংবাদমেলত চৰকাৰক চোকা সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷

গুৱাহাটীত তৰুণ গগৈৰ সংবাদমেল

By

Published : Sep 30, 2019, 7:30 PM IST

Updated : Sep 30, 2019, 10:52 PM IST

গুৱাহাটী, 30 ছেপ্টেম্বৰ : "মুখ্যমন্ত্ৰীৰ পথ প্ৰদৰ্শক হ'ব লাগিছিল শংকৰদেৱ বা আজান ফকীৰ । কিন্তু তেওঁৰ পথ প্ৰদৰ্শক মোডী নে অমিত শ্বাহ নে মোহন ভাগৱত তেওঁ নিশ্চিত কৰক৷" সোমবাৰে দিছপুৰস্থিত বাসগৃহত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য আগবঢ়াই ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ মোহন ভাগৱতে এন আৰ চিৰ ক্ষেত্ৰত বিভাজনৰ ৰাজনীতি কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে, এন আৰ চি খন আনি আমি ধৰ্মৰ ভিত্তিত ৰূপায়ন কৰাটো বিচৰা নাই । মোহন ভাগৱত অসমলৈ আহি হিন্দু সকলক ৰক্ষণাবেক্ষণ দি আমাৰ মাজত বিদ্বেষ ভাৱ সৃষ্টি কৰিব বিচাৰিছে । লগতে ভাৰত আৰু পাকিস্তানৰ বিভাজনৰ বাবে জিন্না আৰু আৰ এছ এছ দায়ী, কংগ্ৰেছ নহয় বুলিও তেওঁ প্ৰকাশ কৰে । "হিন্দু অহিন্দু বিচাৰ কৰিলে শুদ্ধ এন আৰ চি নহ'ব । এন আৰ চি খন 1971 চন হওঁতেই ইমান দিন লাগিলে 1951 চন হ'বলৈ হ'লে আৰু কিমান দিন লাগিব তাৰ ঠিক নাই ।" গতিকে এইক্ষেত্ৰত এখন ৰিভিউ কমিটি গঠন কৰি এন আৰ চি ৰ পৰা বাদ পৰা প্ৰকৃত ভাৰতীয়ৰ নাম এন আৰ চিত সুমুৱাব লাগে বুলিও উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

"অসমৰ আইন শৃংখলাৰ অৱনতি হৈছে । চাৰিওফালে অৰাজকতাৰ সৃষ্টি হৈছে । চৰকাৰৰ ৮৮ কোটি টকা ধাৰ লাগিছে । অসমত 'এডভাণ্টেজ আছাম' হোৱা নাই 'ডিছএডভাণ্টেজ আছাম' হে হৈছে ।" এনেদৰে সংবাদমেলত চৰকাৰক চোকা সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷

গুৱাহাটীত তৰুণ গগৈৰ সংবাদমেল

ইফালে, তেওঁ নুমলীগড় ৰিফাইনেৰীক ব্যক্তিগতকৰণৰ বাতৰি ওলোৱা সন্দৰ্ভত কয় যে, ব্যক্তিগতকৰণ কৰাৰ কোনো কাৰণ নাই । এনেদৰে ব্যক্তিগতকৰণ কৰা কাৰ্যই চৰকাৰ যে দেউলীয়া হৈছে সেইটো প্ৰামান কৰিছে আৰু দেশখনকো দেউলীয়া কৰিছে । নেহেৰুৰ কাৰণেই কাশ্মীৰ আজি ভাৰতৰ অংশ হৈ আছে বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

দেশত অনুষ্ঠিত হ'বলগা উপ নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী কয় যে, আগন্তুক উপ নিৰ্বাচনত 4 টা সমষ্টিতে কংগ্ৰেছে যুঁজিব আৰু ইয়াৰ বাবে কংগ্ৰেছে বাগানৰ মজদূৰকো টিকট দিছে ।

Last Updated : Sep 30, 2019, 10:52 PM IST

ABOUT THE AUTHOR

...view details