অসম

assam

নিৰ্বাচন নেখেলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই

By

Published : Mar 8, 2021, 11:01 PM IST

সকলো জল্পনা-কল্পনাৰ অবসান ঘটাই সমাগত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ নোহোৱাৰ সিদ্ধান্ত ললে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷ সোমবাৰে নিশা এই কথা সদৰি কৰিলে নেতা গৰাকীৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তই ৷ চৰকাৰী ঘৰ এৰি খাৰঘুলীৰ নিজা বাসভৱনলৈ যোৱাৰ কথাও সদৰি কৰিলে নেতা গৰাকীৰ পত্নীয়ে ৷

ex-chief-minister-prafulla-kr-mahanta-will-not-contest-in-2021-assembly-election
নিৰ্বাচন নেখেলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই

গুৱাহাটী,8 মাৰ্চ: অৱশেষত নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত ললে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷ সোমবাৰে নিশা নেতা গৰাকীৰ এই সিদ্ধান্তৰ কথা সংবাদ মাধ্যমৰ আগত সদৰি কৰে তেখেতৰ পত্নী জয়শ্ৰী গোস্বামী মহন্তই ৷ সংবাদ মাধ্যমৰ আগত পত্নী জয়শ্ৰী গোস্বামী মহন্তই আবেগিক হৈ প্ৰফুল্ল কুমাৰ মহন্তৰ সংগ্ৰামী জীৱনৰ বিষয়ে উল্লেখ কৰি কয় যে, "ছাত্ৰ অৱস্থাতে তেওঁ মুখ্যমন্ত্ৰী হৈছিল আৰু বিশ্বৰ সৰ্বকনিষ্ঠ মুখ্যমন্ত্ৰী হিচাপে গিনিজ বুক অব ৱল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত হৈছিল ৷ তেওঁ গঠন কৰা দলটোৱে গঠনৰ এমাহতে শাসনভাৰ লাভ কৰিছিল ৷ অসম তথা অসমীয়াৰ স্বাৰ্থ ৰক্ষা কৰাটো তেওঁৰ মূল লক্ষ্য আছিল ৷ সেই লক্ষ্য আৰু উদ্দেশ্যত তেওঁ আজিও অটল হৈ আছে "৷

নিৰ্বাচন নেখেলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই

লগতে নেতা গৰাকীৰ পত্নীয়ে উল্লেখ কৰে যে,বৰ্তমান আঞ্চলিকতাবাদী দলটোৰ নেতাই টিকটৰ বাবে ৰাষ্ট্ৰীয়তাবাদী দলৰ ওচৰলৈ যাবলগীয়া হোৱাটো চৰম পৰিতাপৰ কথা৷ অগপৰ প্ৰাৰ্থী তালিকা হিন্দীত ঘোষণা কৰিবলগীয়া হৈছে ৷ স্বাৰ্থলোভী মনোভাৱৰ বাবে আজিৰ এই পৰিস্থিতি হৈছে৷ 40 বছৰ ধৰি এটা সমষ্টিত অগপৰ পতাকা উৰুৱাই আহিছিল ৷ তেওঁ আদৰ্শৰ সংঘাত হোৱাটো বিচৰা নাই ৷

নিৰ্বাচন নেখেলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই

আনহাতে অগপৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত জয়শ্ৰী গোস্বামী মহন্তই কয় যে, আনহাতে এচামে ক্ষমতাৰ বাবে দল সলনি কৰিছে৷ ফণী ভূষণ চৌধুৰীয়ে কৈছে যে, আমি সমষ্টিটো বিচাৰিছিলো, তেওঁলোকে নিদিলে ৷ মোৰ প্ৰশ্ন হৈছে তেওঁলোক কোন? তেওঁলোক অপৰ নেকি? টকাৰ বাবে চিট বিক্ৰী কৰি দিছে ৷ ক্ষমতাৰ বাবে জাতি বিক্ৰী কৰি দিছে ৷ তেওঁ তেনে কাম কৰিব নোৱাৰে ৷ দলটোৰ কোনো আদৰ্শ নোহোৱা হ'ল ৷ তেওঁ নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত লৈছে যদিও অসম আৰু অসমীয়াৰ বাবে কাম কৰি যাব ৷ ৰাইজৰ লগত থাকি ৰাইজৰ স্বাৰ্থত কাম কৰি যাব ৷ নিজৰ আদৰ্শৰ পৰা তেওঁ আঁতৰিব নোৱাৰে ৷ সেইবাবে তেওঁ নিৰ্বাচন নেখেলাৰ কথা কৈছে ৷

নিৰ্বাচন নেখেলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই

আনহাতে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত জয়শ্ৰী গোস্বামী মহন্তই কয় যে, "প্ৰফুল্ল মহন্তই নিৰ্বাচন নেখেলেই যেতিয়া মহাজোঁটৰ লগত যোগাযোগ কৰাৰ কথাৰ কোনো প্ৰসংগিকতা নাই ৷ তেঁও নিৰ্বাচন নেখেলাৰ সিদ্ধান্ত লৈছে যেতিয়া আমি আমাৰ খাৰঘূলীৰ ঘৰলৈ যাম ৷ এইটো চৰকাৰী ঘৰ যেতিয়া এৰি যাব লাগিব "৷ উল্লেখ যে, এইবাৰ প্ৰফুল্ল কুমাৰ মহন্তৰ দুৰ্গ বঢ়মপুৰ সমষ্টিত অগপৰ মিত্ৰদল বিজেপিয়ে নিজা প্ৰাৰ্থী দিয়ে৷ ফলত অগপৰ পৰা টিকট লাভৰ পৰা বঞ্চিত হয় মহন্ত ৷

ABOUT THE AUTHOR

...view details