অসম

assam

ETV Bharat / state

ক্ষুব্ধ মহন্তৰ "বিস্ফোৰণ": ইটিভি ভাৰত এক্সক্লুছিভ - সাতটা প্ৰস্তাৱ সন্দৰ্ভত প্ৰফুল্ল কুমাৰ মহন্ত

অগপৰ বৰ্তমানৰ নেতৃত্ব বিজেপিৰ ৰিম'টত চলিছে বুলি মন্তব্য অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দলটোৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই ৷ লগতে অগপই এনেদৰে আঞ্চলিকতাবাদ ৰক্ষা কৰিব নোৱাৰে বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । ইটিভি ভাৰত এক্সক্লুছিভ...

অসম গণ পৰিষদ
ক্ষুব্ধ মহন্তৰ "বিস্ফোৰণ": ইটিভি ভাৰত এক্সক্লুছিভ

By

Published : Aug 29, 2020, 12:56 PM IST

গুৱাহাটী, 28 আগষ্টঃ অলপতে মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ ঘৰত হোৱা বৈঠকত অগপৰ নেতৃত্বৰ পৰা সাতটা বিষয়ত দলৰ স্পষ্ট স্থিতি বিচাৰি অতুল বৰাক এখন পত্ৰ দিছিল মহন্তই । কি আছিল সেই সাতটা প্ৰস্তাৱ ? কি উত্তৰ দিছিল অতুল বৰাই ? ঘেহুৰ "কোটা" আৱন্টনৰ দায়িত্ব কোন মন্ত্ৰীৰ ভায়েকক দিছে যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ? বৰহমপুৰ সমষ্টিত মহন্তই পুণৰ অগপৰ প্ৰাৰ্থিত্ব পাবনে ? মহন্তৰ নেতৃত্বত জন্ম হব নেকি আৰু এটা নতুন ৰাজনৈতিক দল ? মহন্তৰ বহু বিস্ফোৰক মন্তব্যৰে চাওক এই বিশেষ সাক্ষাৎকাৰ...

আঞ্চলিকতাবাদকে ধৰি বিভিন্ন প্ৰশ্নৰ উত্তৰ প্ৰফুল্ল কুমাৰ মহন্তৰ

27 আগষ্ট তথা বৃহস্পতিবাৰে এক বিতৰ্কিত পৰিস্থিতিৰ মাজত অসম গণ পৰিষদৰ নেতৃত্বই দলীয় অধিবেশন অনুষ্ঠিত কৰি পুণৰ আগন্তুক তিনি বছৰীয়া কাৰ্যকালৰ বাবে সভাপতিৰ আসনত অতুল বৰা আৰু কাৰ্যকৰী সভাপতিৰ আসনত কেশৱ মহন্ত অধিষ্ঠিত হোৱাৰ পিছত এইসকল দলীয় নেতাৰ বিৰুদ্ধে মুখ খুলিছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দলটোৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্তই । শুকুৰবাৰে ইটিভি ভাৰতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কেতবোৰ নতুন ৰাজনৈতিক "বিস্ফোৰণ" ঘটাই মহন্তই ।

অগপৰ দায়িত্ব সন্দৰ্ভত প্ৰফুল্ল কুমাৰ মহন্ত

ন্যায়ালয়ে বাধা নিষেধ আৰোপ কৰাৰ পিছতো কালি অবৈধভাবে সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত কৰি অতুল বৰাই পুণৰ সভাপতিৰ আসনত বহিল বুলি মন্তব্য কৰি মহন্তই আৰু কয় যে ই এক ফৌজদাৰী গোচৰ হ'ব পাৰে ।

সাতটা প্ৰস্তাৱ সন্দৰ্ভত প্ৰফুল্ল কুমাৰ মহন্ত

এই অধিবেশন অবৈধ বুলি মন্তব্য কৰি মহন্তই কয় - "মই দলৰ সভাপতি হৈ থকা সময়ত পুৱা গধূলি মোৰ ঘৰলৈ আহি আহি সেই সময়ৰ দলৰ সাধাৰণ সম্পাদক ডাঃ কমলা কলিতা আৰু কাৰ্যকৰী সভাপতি অতুল বৰাই মোক এটাই অনুৰোধ কৰিছিলহি যে বাহিৰত দলটোৰ অৱস্থা খুব বেয়া আৰু সেয়েহে মই কিছুদিনৰ বাবে দলৰ নেতৃত্বৰ পৰা আঁতৰি থাকিব লাগে আৰু অতুল বৰাক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব দিব লাগে । ময়ো দলটোৰ ভাল হওক বুলি ভাবি দায়িত্ব সাময়িকভাৱে এৰি দিছিলো । সেই অতুল বৰাই এতিয়া গোজেই গজালি হৈ বহিল ।"

গুণীন হাজৰিকাৰ চিঠি সন্দৰ্ভত প্ৰফুল্ল কুমাৰ মহন্ত

অগপৰ বৰ্তমানৰ নেতৃত্ব বিজেপিৰ ৰিম'টত চলিছে বুলি মন্তব্য কৰি মহন্তই কয় যে মাত্ৰ কেইজনমান নেতাৰ ব্যক্তিগত স্বাৰ্থতহে অগপ চলি আছে । অগপই এনেদৰে আঞ্চলিকতাবাদক ৰক্ষা কৰিব নোৱাৰে বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়কঃNRC ৰ চূডান্ত তালিকাৰ পৰা নাম কৰ্তন অসম আন্দোলনৰ শ্বহীদৰ পৰিয়ালৰ

ABOUT THE AUTHOR

...view details