অসম

assam

ETV Bharat / state

হিমন্ত-মোদীৰ কামে বিজেপিলৈ টানিলে আছুৰ প্ৰাক্তন নেতা দিব্যজ্যোতিক ! - BJP meeting

ইটিভি ভাৰতৰ বাতৰিক সত্য প্ৰমাণিত কৰি বুধবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত বাজপেয়ী ভৱনত গেৰুৱা বসন পিন্ধিলে আছুৰ প্ৰাক্তন নেতা দিব্যজ্যোতি মেধিয়ে ৷ তেওঁৰ লগতে বিজেপিত যোগদিলে 314 গৰাকী বৰ্তমানৰ আৰু প্ৰাক্তন আছুৰ সদস্যই ৷

EX AASU leader Dibyajyoti Medhi joins BJP
Dibyajyoti Medhi joins BJP

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 5:39 PM IST

হিমন্ত-মোদীৰ কামে বিজেপিলৈ টানিলে আছুৰ নেতা দিব্যজ্যোতিক

গুৱাহাটী, ১৩ ডিচেম্বৰ:অৱশেষত ইটিভি ভাৰতৰ পূৰ্বানুমান সত্য প্ৰমাণিত কৰি আছু এৰি গেৰুৱা বসন পিন্ধিলে ছাত্ৰ নেতা দিব্যজ্যোতি মেধিয়ে ।তেওঁৰ লগতে প্ৰায় তিনি শতাধিক লোকেও যোগদান কৰে ভাৰতীয় জনতা পাৰ্টীত । বুধবাৰে গুৱাহাটীৰ বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত দলৰ সভাপতি ভৱেশ কলিতা, মুখপাত্ৰ সুভাষ দত্তৰ লগতে কেইবাগৰাকীও নেতাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে ছাত্ৰনেতাগৰাকীয়ে ৷

দলৰ সভাপতি ভৱেশ কলিতাই ভাৰতীয় জনতা পাৰ্টীৰ টুপি, গলবস্ত্ৰ পিন্ধাই দললৈ আদৰণি জনোৱাৰ লগতে দলৰ হৈ নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ বাবে পৰামৰ্শ আগবঢ়ায় দিব্যজ্যোতি মেধিৰ লগতে বাকীসকলক । ইফালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কামকাজত সন্তুষ্ট হৈ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ যি উন্নয়ন হৈছে তাৰ প্ৰতি আকৃষ্ট হৈ দলত যোগদান কৰা বুলি প্ৰকাশ কৰে দিব্যজ্যোতি মেধিয়ে ।

আনফালে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিয়েই আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰা দেখা যায় প্ৰাক্তন ছাত্ৰনেতাগৰাকীক । দিব্যজ্যোতি মেধিয়ে কয় যে আছুৰ প্ৰতি মোৰ সদায় ভাল ভাৱ আছে । তেওঁলোকে সদায় ভাল কাম কৰি যাওক । কিন্তু আছুত ছাত্ৰ নোহোৱাকৈ বহু বৃদ্ধ এতিয়াও আছে ৷ তেওঁলোক সদৌ অসম ছাত্ৰ সন্থাৰ অশুভ শক্তি ৷

সমুজ্জ্বল ভট্টাচাৰ্য আছুৰ অপশক্তি ৷ কাৰণ ৬০ বা ৭০ বছৰ বয়সলৈকে এজন ব্যক্তি ছাত্ৰ হৈ থাকে, কিন্তু তেওঁ নপঢ়েও । তেওঁক কেনেকৈ ছাত্ৰ বুলি ক’ব ? তেওঁ বৰ্তমান ছাত্ৰ নহয় ৷ গতিকে ছাত্ৰৰ পৰিচয় নাথাকিলে আছুত বৃদ্ধ লোক থাকিব নালাগে ।

লগতে পঢ়ক:আঙুৰলতাক অপসাৰণ; ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰীৰ পদত স্বপ্নময় নিযুক্তি

ABOUT THE AUTHOR

...view details