গুৱাহাটী, 28 জানুৱাৰী : অসম ৰাজ্যিক নিৰ্বাচনী আয়োগৰ বিশেষ সিদ্ধান্ত ৷ এইবাৰৰ পৌৰ সভাৰ নিৰ্বাচনত ব্যৱহাৰ হ'ব ই ভি এম মেছিন ৷ শুক্ৰবাৰে এক নিদৰ্শনাৰ জৰিয়তে ৰাজ্যত আগন্তুক পৌৰ সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ বেলট পেপাৰৰ বিপৰীতে ই ভি এম মেছিনৰ জৰিয়তে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে(preparation for municipal election) । অসম ৰাজ্যিক নিৰ্বাচনী আয়োগে ৰাজ্যত পৌৰ সভাৰ নিৰ্বাচনৰ নিদিষ্ট দিন ধাৰ্য কৰা নাই যদিও অসম ৰাজ্যিক নিৰ্বাচনী আয়োগে পৌৰ সভাৰ বাবে আৰম্ভ কৰিছে নিৰ্বাচনৰ কুজকাৱাজ (political parties prepare for municipal election) ।
শুক্ৰবাৰে ৰাজ্যিক নিৰ্বাচনী আয়ুক্ত অলোক কুমাৰে জাৰি কৰা SEC,50/2021/151 নং নিৰ্দেশনা মৰ্মে ৰাজ্যৰ ৮১ খন পৌৰ সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ ই ভি এম মেছিনৰ জৰিয়তে সম্পন্ন হ'ব বুলি উল্লেখ কৰে ।