গুৱাহাটী, ৬ জানুৱাৰী : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পিচত এইবাৰ গুৱাহাটীৰ ৪২ টা স্থানত চলিব উচ্ছেদ অভিযান । এই কথা জানিব দিয়ে গৃহ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংঘালে । মহানগৰীৰ প্ৰায় ৪২ টা স্থানত হোৱা বেদখলক মুক্ত কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে (Eviction drive to be carried out at 42 places in Guwahati) ৷
তেওঁ কয় যে অবৈধ বেদখলেৰে নলা বা নদীসমূহ সংকুচিত কৰি পেলোৱা এনে স্থানসমূহ কামৰূপ মহানগৰ জিলা প্ৰশাসনে বেদখলমুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব । ‘‘মিছন বানমুক্ত গুৱাহাটী’’ ক্ষীপ্ৰ আৰু সফল ৰূপায়নৰ লক্ষ্যৰে মহানগৰখনৰ বিভিন্ন ঠাইত উচ্ছেদ, নলা-নৰ্দমাসমূহৰ পৰিস্কাৰকৰণ, খনন আদি চলি থকাৰ সময়তে মন্ত্ৰীগৰাকীয়ে বিভিন্ন কাম-কাজৰ সুক্ষ্ম পৰ্যালোচনা কৰিবলৈ আজি অৰ্থাৎ শুকুৰবাৰে আয়োজন কৰে এক পৰ্যালোচনা সভাৰ ৷
এই সভাত উপস্থিত থাকে আয়ুক্ত সচিব কবিতা পদ্মনাভন, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাৰ উপস্থিতিত গুৱাহাটী উন্নয়ন কৰ্তৃপক্ষৰ অধ্যক্ষ নাৰায়ণ ডেকা, গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত নিধি দাহাল, চক্ৰ বিষয়াসকল, তথা লোক নিৰ্মাণ, জলসিঞ্চন, ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ, অসম ৰাজ্যিক বিদ্যুৎ বিতৰণ নিগম, পৰিবহন আদিৰ সংশ্লিষ্ট বিষয়াবৰ্গ।
বাৰিষাৰ পূৰ্বে ‘‘মিছন বানমুক্ত গুৱাহাটী’’ৰ যাতে ফলপ্ৰসূ ৰূপায়ন কৰিব পৰা যায়, তাৰ বাবে মন্ত্ৰীগৰাকীয়ে সভাত বিভাগ অনুযায়ী ভৱিষ্যত কাৰ্যপন্থাৰ নীতি-নিৰ্দেশনা দিয়ে । ইতিমধ্যে কাৰ্যসূচী সুচল ৰূপায়নৰ বাবে লোক নিৰ্মাণ আৰু গুৱাহাটী পৌৰ নিগমক পৃথক পৃথক কৈ নলা-নৰ্দমাসমূহৰ পৰিস্কাৰ কৰণৰ দায়িত্ব অৰ্পণ কৰা হৈছে ।