গুৱাহাটী, ১৩ মে’ : প্ৰতিকূল বতৰকো নেওচি শুক্ৰবাৰে পুৱাই মহানগৰীত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান । মহানগৰীৰ চচলস্থিত শিল সাঁকো বিলত প্ৰশাসনৰ এস্কেভেটৰৰ সহায়ত চলিল এই উচ্ছেদ অভিযান (Eviction drive at Silsako bill) । শিল সাঁকো বিলত থকা প্ৰায় ৫০ টা পৰিয়ালৰ বাসগৃহৰ লগতে উচ্ছেদিত ঠাইত থকা মন্দিৰ আদিতো পৰিল প্ৰশাসনৰ এস্কেভেটৰৰ হাঁতোৰা ।
পুৱাই আৰক্ষী অৰ্ধ সামৰিক বাহিনীকে আদি কৰি প্ৰশাসনৰ বৃহৎ এটি দলে প্ৰায় ১২ খনকৈ জে.চি.বি, এস্কেভেটৰৰ সহায়ত শিল সাঁকো বিলৰ প্ৰায় ১০০ মিটাৰ ব্যাসাৰ্ধত চলাই এই উচ্ছেদ অভিযান । ইফালে প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হোৱাৰ লগে লগে উচ্ছেদিত পৰিয়াল আৰু আৰক্ষী প্ৰশাসনৰ মাজত সৃষ্টি হয় এক খণ্ড যুদ্ধ ।