অসম

assam

ETV Bharat / state

Eviction drive against encroachments: সোমবাৰে শিলসাঁকো বিলত চলিব প্ৰশাসনৰ বুলড’জাৰ - শিলসাঁকো বিলত চলিব উচ্ছেদ অভিযান

মহানগৰীত অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ মহানগৰীৰ শিলসাঁকো বিলত এইবাৰ চলিব প্ৰশাসনৰ বুলড’জাৰ (Eviction drive against encroachments) ৷ অঞ্চলটোত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি ন’হবলৈ এদিন পূৰ্বৰ পৰাই মোতায়েন কৰা হৈছে আৰক্ষী লোক ৷

Eviction drive against encroachments at Silsako
সোমবাৰে শিলসাঁকো বিলত চলিব প্ৰশাসনৰ বুলড’জাৰ

By

Published : Feb 26, 2023, 9:12 PM IST

Updated : Feb 27, 2023, 9:15 AM IST

শিলসাঁকো বিলত চলিব প্ৰশাসনৰ বুলড’জাৰ

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী: সোমবাৰ অৰ্থাৎ অহা ২৭ ফেব্ৰুৱাৰীত গুৱাহাটীৰ শিলসাঁকো বিলত চলিব উচ্ছেদ অভিযান (Eviction drive against encroachments)৷ এই উচ্ছেদ অভিযানক লৈ দেওবাৰৰ পৰাই সস্তম হৈ পৰিছে আৰক্ষী প্ৰশাসন (Eviction drive at Silsako)। এই অভিযানত ব্যাঘাত নজন্মাবলৈ সহস্ৰাধিক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ৷

এই সন্দৰ্ভত গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ (Guwahati Metropolitan Development Authority) অধ্যক্ষ নাৰায়ণ ডেকাই (Chairman Narayan Deka) সংবাদমাধ্যমৰ আগত কয় যে সম্প্ৰতি শিলসাঁকো বিলৰ সৰ্বমুঠ ১৮০০ বিঘা ভূমিৰ ১২০০ বিঘা ভূমিয়ে বেদখলকাৰীৰ কবলত আছে ৷ বছৰ বছৰ ধৰি শিলসাঁকোৰ ভূমি বেদখল কৰি লাখ লাখ টকাৰ বিনিময়ত বিক্ৰী কৰি অহিছে একাংশ দুষ্টচক্ৰই । এই অভিযানত ২৫০ টাৰো অধিক পৰিয়ালক উচ্ছেদ কৰা হ’ব ৷ ইয়াত থকা বহু লোকৰ ইতিমধ্যে গুৱাহাটীত ঘৰ মাটি আছেই তাৰ ওপৰতো এই ঠাইত ব্যৱসায়ী সংক্ৰান্তত ভূমি অলপ ক্ৰয় কৰি থয় ৷

ইয়াৰ পূৰ্বেও বহুবাৰ উচ্ছেদ চলোৱা হৈছিল শিলসাঁকো বিলত ৷ উচ্ছেদৰ পিচতেই পুনৰ শিলসাঁকো বিলত বসতি স্থাপন কৰিছে বহু পৰিয়ালে ৷ সোমবাৰে হ'ব লগা উচ্ছেদ অভিযানত শিলসাঁকো বিলৰ কাষেৰে ১০০ মিটাৰ ভিতৰলৈ যিমান ঘৰ আছে সকলোতে উচ্ছেদ চলাব প্ৰশাসনে ৷

গুৱাহাটী মহানগৰক প্ৰদূষণ মুক্ত কৰাৰ বাবেই এই জলাশয়টো মুকলি কৰা হ'ব বুলি নাৰায়ণ ডেকাই জানিবলৈ দিয়ে ৷ ইফালে শিলসাঁকোৰ মাটি ক্ৰয় কৰি বিপদত পৰিছে বহু পৰিয়াল ৷ ভুক্তভোগী পৰিয়ালকেইটাই কয় যে লাখ লাখ টকা খৰচ কৰি শিলসাঁকোৰ মাটি ক্ৰয় কৰি ঘৰ সাজিছিলো। এনিশাৰ ভিতৰতে ক’লৈ যাম কি কৰিম ৷ এতিয়া উচ্ছেদৰ খবৰে শংকিত কৰি তুলিছে শিলসাঁকো বিলত বসবাস কৰা এইসকল পৰিয়ালক ।

উল্লেখ্য যে, অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংঘালে (Minister Ashok Singhal) ১৯ জানুৱাৰীত বানমুক্ত গুৱাহাটীৰ স্বাৰ্থত অচিৰেই মহানগৰীত বেদখল উচ্ছেদৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা সদৰী কৰিছিল ৷ মন্ত্ৰী অশোক সিংঘালৰ এই ঘোষণাৰ এমাহ সম্পূৰ্ণ হোৱাৰ পাচতেই সোমবাৰে মহানগৰীৰ শিলসাঁকো বিলত পুনৰ উচ্ছেদ অভিযান চলোৱাৰ বাবে প্ৰশাসনে পদক্ষেপ লৈছে ৷

ইফালে উচ্ছেদিত পৰিয়ালে কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াকৈ এই উচ্ছেদ অভিযান চলোৱাৰ অভিযোগ কৰিছে । নিজৰ বাসগৃহ হেৰুৱাৰ ভয়ত এতিয়া শোকত ভাঙি পৰিছে উচ্ছেদিত লোকসকল ।

লগতে পঢ়ক:Eviction drive against encroachments: গুৱাহাটীত বেদখলৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান: অশোক সিংহল

Last Updated : Feb 27, 2023, 9:15 AM IST

ABOUT THE AUTHOR

...view details