অসম

assam

By

Published : Aug 3, 2023, 9:17 PM IST

ETV Bharat / state

Protest in Silsako Beel: শিলসাঁকোৰ উচ্ছেদিত স্থানত পুনৰ ৬০০ উচ্ছেদিত লোকে বনাব নতুনকৈ ঘৰ; বাধা দিলে হ’ব মৰণপন যুঁজ

ৰণৰ বাবে সাজু শিলসাঁকোৰ উচ্ছেদিত লোক ৷ শিলসাঁকোৰ উচ্ছেদিত স্থানত পুনৰ নতুনকৈ ঘৰ বনোৱাৰ হুংকাৰ ৬০০ উচ্ছেদিত লোকৰ ৷ শিলসাঁকোত উচ্ছেদ কৰা প্ৰতিটো থলুৱা ভূমিহীন পৰিয়ালক ক্ষতিপূৰণসহ পুনৰ সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি চৰকাৰে পূৰণ নকৰাৰ অভিযোগ উচ্ছেদিতৰ ।

Protest in Silsako Beel
ৰণৰ বাবে সাজু শিলসাঁকোৰ উচ্ছেদিত

ৰণৰ বাবে সাজু শিলসাঁকোৰ উচ্ছেদিত

গুৱাহাটী, ৩ আগষ্ট: ভূমিৰ অধিকাৰৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰ শিলসাঁকোৰ উচ্ছেদিত একাংশ জনতাই আজি প্ৰতিবাদ অব্যাহত ৰখাৰ সমান্তৰালভাৱে শিলসাঁকোতো একাংশ জনতাই অব্যাহত ৰাখিছে প্ৰতিবাদ । আজি দিনৰ ১১.৩০ বজাৰ পৰা ১.৩০ বজালৈ গুৱাহাটীৰ শিলসাঁকো লিচাং নগৰত চৰকাৰৰ উচ্ছেদত গৃহহীন হোৱা চাৰি শতাধিক লোকে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীসকলে শিলসাঁকোত উচ্ছেদ সম্পূৰ্ণ বন্ধ কৰা, উচ্ছেদিত প্ৰতিটো থলুৱা পৰিয়ালক পুনৰ সংস্থাপন-ক্ষতিপূৰণ দিয়া, বহিৰাগতক নহয়, থলুৱাক মাটি দিয়ক আদি শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে ।

এই প্ৰতিবাদী কার্যসূচীত অংশগ্ৰহণ কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদক আকাশ দলে আৰু শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজৰ হৈ গায়ত্ৰী বৰিয়ে কয় যে, উচ্ছেদিত লোকক পুনৰ সংস্থাপনৰ দাবীত যোৱা ছটা মাহে শিলসাঁকো পাৰৰ উচ্ছেদ প্ৰতিৰোধী ৰাইজে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি আহিছে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শিলসাঁকোত উচ্ছেদ কৰা প্ৰতিটো থলুৱা ভূমিহীন পৰিয়ালক ক্ষতিপূৰণসহ পুনৰ সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিচতো আজি পৰ্যন্ত কোনো এটা পৰিয়ালক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ।

তেওঁলোকে লগতে কয়, জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে শিলসাঁকোত কেৱল বাচি বাচি থলুৱা লোকক উচ্ছেদ কৰাৰ বিপৰীতে শিলসাঁকোৰ বুকুত থকা বহিৰাগত পুঁজিপতি বৃহৎ বৃহৎ অট্টালিকাত উচ্ছেদ চলোৱা নাই । বিজেপি চৰকাৰে বহিৰাগত পুঁজিপতিক সংস্থাপিত কৰাৰ স্বাৰ্থত সম্পূৰ্ণ অন্যায়ভাৱে কেৱল বাচি বাচি দুখীয়া থলুৱা পৰিয়ালসমূহক উচ্ছেদ কৰিলে । অথচ শিলসাঁকোৰ বুকুত থকা ১৭ মহলীয়া হিম্মতসিংকাৰ আইদেল ভিউ, টাটাৰ জিঞ্জাৰ হোটেল, আজমলৰ ভূমি, আদিত নপৰিল চৰকাৰৰ বুল্ডজাৰ । খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কোৱা চৰকাৰখনৰ এয়া কেনে ধৰণৰ নীতি বুলি প্ৰশ্ন কৰে প্ৰতিবাদকাৰীসকলে ।

তেওঁলোকে লগতে কয়, শিলসাঁকোৰ পাৰত দীৰ্ঘদিন ধৰি বসবাস কৰি থকা অসমৰ থলুৱা খিলঞ্জীয়া লোকসকলে মাটিৰ অধিকাৰ পাবই লাগিব । হিমন্ত বিশ্ব চৰকাৰখনে বহিৰাগত পুঁজিপতিক মাটি এৰি দিয়াৰ বাবে আমাৰ থলুৱা লোকসকলক খেদিবলৈ বিচাৰিছে । আমাৰ স্পষ্ট কথা আমি তেজ দিম, কিন্তু মাটি এৰি নিদিওঁ ।

শেহতীয়াভাৱে চৰকাৰে শিলসাঁকোত পুনৰ উচ্ছেদ চলাবলৈ গ্ৰহণ কৰা তৎপৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁলোকে কয়, যোৱা ৬ মাহে শিলসাঁকোৰ উচ্ছেদিতসকল তিৰপালৰ তলতে থাকিলো, আমি বাৰম্বাৰ কৈ অহাৰ পিছতো এতিয়ালৈ চৰকাৰে আমাক পুনৰ সংস্থাপনৰ বিষয়টোলৈ কোনো গুৰুত্ব প্ৰদান কৰা নাই । সেয়ে এতিয়া আমি সিদ্ধান্ত লৈছোঁ, প্ৰশাসনে পূৰ্বে শিলসাঁকোৰ যি স্থানত উচ্ছেদ চলাইছিল, সেই স্থানতে পুনৰ ৬০০ উচ্ছেদিত লোকে নতুন ঘৰ বনাবলৈ সাজু হৈছোঁ । এইবাৰ যদি প্ৰশাসনে নতুনকৈ বনোৱা ঘৰটো ভাঙিবলৈ আহে, তেন্তে খিলঞ্জীয়া বিৰোধী চৰকাৰৰ বিৰুদ্ধে আমাৰ মৰণপন যুঁজ হ’ব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক:Protest in Delhi : ভূমিৰ অধিকাৰৰ দাবীত দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ শিলসাঁকোৰ উচ্ছেদিত জনতাৰ

ABOUT THE AUTHOR

...view details