গুৱাহাটী, ২৫ ফেব্ৰুৱাৰী :চৰকাৰৰ অমানৱীয় উচ্ছেদ তথা কৰ্প'ৰেটৰ হাতলৈ মাটিৰ হস্তান্তৰকৰণ বন্ধ কৰা আৰু উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিয়াৰ দাবী তুলি শনিবাৰে মহানগৰীৰ চচলৰ ধৰ্ণাস্থলীত উচ্ছেদিত ভূমিহীন নাগৰিকৰ পুনৰ সংস্থাপন দাবী সমিতিৰ উদ্যোগত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় (protest against Assam govt eviction) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা প্ৰায় দুই শতাধিক উচ্ছেদিত লোকৰ প্ৰতিবাদী শ্লোগানৰে মুখৰ হৈ পৰে চচলৰ ধৰ্ণাস্থলী (evicted people dharna against Assam govt) ।
মিকিৰ বামুণী গাঁৱৰ পৰা আৰম্ভ কৰি গৰুখুঁটি, লামডিং, বৰচলা, বটদ্ৰবা, বাঘবৰ, লখিমপুৰ আদি অঞ্চলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা অমানৱীয় উচ্ছেদৰ বিৰোধিতা কৰি উচ্ছেদিত লোকসকলে তেওঁলোকক পুনৰ সংস্থাপনৰ দাবী তোলে (evicted people protest demanding Rehabilitation) । প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লে'-কাৰ্ড লৈ চৰকাৰে অমানৱীয় উচ্ছেদ বন্ধ কৰক, কৃষিভূমি পুঁজিপতি গোষ্ঠীক দিয়া বন্ধ কৰক, ভূমিহীন লোকক ভূমিৰ পট্টা প্ৰদান কৰক, উচ্ছেদিতক পুনৰ সংস্থাপন দিয়ক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে (Assam govt eviction drive) ।
শনিবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কয় যে জনতাৰ দুখ-দুৰ্দশাৰ কথা বুজি নোপোৱা এইখন এখন ফেচিষ্ট চৰকাৰ (MP Ajit Bhuyan slammed Himanta Biswa Sarma) । গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হৈ এইখন চৰকাৰে এতিয়া ফেচিষ্ট ৰূপ ধাৰণ কৰিছে । তাৰোপৰি এই চৰকাৰখনৰ মুখ্যমন্ত্ৰীগৰাকী এজন ফেচিষ্ট নেতা, তেওঁ গণতন্ত্ৰক বিশ্বাস নকৰে । এইগৰাকী ফেচিষ্ট নেতাৰ ইচ্ছাই এতিয়া আইন হৈ পৰিছে । তেওঁ বিচাৰকৰ আসনত বহি লৈছে বাবে আইন, আদালত, সাংবাদ মাধ্যম এইবোৰ অকণো পৰোৱা নকৰে ।