গুৱাহাটী,10 এপ্ৰিলঃবিগত 25 মাৰ্চৰ পৰা আৰম্ভ হোৱা তলা বন্ধৰ সময়ছোৱাত চৰকাৰে অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত বাহন সমূহক ৰাজপথলৈ ওলাবলৈ অনুমতি প্ৰদান কৰিছিল ৷ কিন্তু শুকুৰবাৰৰ পৰা মহানগৰী গুৱাহাটীত চলিবলগীয়া বাহনসমূহৰ ক্ষেত্ৰত নতুন নিয়ম প্ৰৱৰ্তন কৰিছে জিলা প্ৰশাসনে ৷ অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত বাহন সমূহৰ চলাচল সীমিত কৰাৰ বাবে প্ৰশাসনে শুকুৰবাৰে মহানগৰীৰ পৰিবহণ বিভাগত পঞ্জীয়ন কৰা বাহন সমূহৰ পঞ্জীয়ন নম্বৰৰ শেষৰ দুটা যুগ্ম সংখ্যা থকা বাহনসমূহৰ ক্ষেত্ৰতহে ৰাজপথত চলাচল কৰাৰ অনুমতি প্ৰদান কৰিছে । তেনেদৰে শনিবাৰে আকৌ অযুগ্ম নম্বৰৰ বাহন সমূহ চলাচল কৰিব পাৰিব মহানগৰীত ।
যুগ্ম-অযুগ্ম ভিত্তিত মহানগৰীৰ ৰাজপথত চলিব বাহন - Lock Down
শুকুৰবাৰে মহানগৰীৰ ৰাজপথত চলে যুগ্ম সংখ্যাৰ বাহনসমূহ । মহানগৰীৰ ৰাজপথ সমূহত আৰক্ষীৰ ব্যাপক অভিযান । অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত নথকা যুগ্ম সংখ্যাৰ বাহনসমূহ আজি ৰাজপথলৈ ওলাব নোৱাৰিব ।

মহানগৰীত চলিছে যুগ্ম সংখ্যাৰ বাহন..
মহানগৰীত চলিছে যুগ্ম সংখ্যাৰ বাহন..
প্ৰশাসনৰ এই সিদ্ধান্তৰ পিছত শুকুৰবাৰে পুৱাৰ ভাগৰে পৰা আৰক্ষীয়ে মহানগৰীৰ ঠায়ে ঠায়ে ৰাজপথসমূহত অযুগ্ম সংখ্যাৰ বাহন সমূহৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হয় । এইক্ষেত্ৰত আইন ভংগ কৰা বাহনসমূহ আৰক্ষীয়ে জব্দ কৰে । উল্লেখ্য যে, তলা বন্ধৰ সময়ত চৰকাৰে আৰোপ কৰা আইন পূৰ্বৰ নিচিনাই থাকিব আৰু অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত নথকা যুগ্ম সংখ্যাৰ বাহনসমূহ যদি ৰাজপথলৈ ওলাই আহে তেন্তে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব ।
লগতে চাওকঃবিদেশত কুশলে আছেনে অসমীয়া-২