গুৱাহাটী, 15 মে’: বৃহস্পতিবাৰে মহানগৰীৰ লাখৰা চাৰিআলিৰ এটা ডাষ্টবিনত পৰি থকা পি পি কিট এজন মানসিক বিকাৰগ্ৰস্ত লোক এজনে পৰিধান কৰা সন্দৰ্ভত বিধায়ক ডাঃ নোমল মমিনে জানিবলৈ দিয়া অনুসৰি, এই বিষয়টোত ইতিমধ্যে উৰ্ধতম কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰিছে । বৰ্তমানলৈ পি পি কিটসমূহ কোৱাৰেণ্টাইন চেণ্টাৰসমূহত ব্যৱহাৰ কৰা নে আন কোনো লোকে ডাষ্টবিনত পেলাই গৈছে সেই সন্দৰ্ভত জানিব পৰা হোৱা নাই।
ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ ডাষ্টবিন পৰা পি পি কিট পৰিধান সন্দৰ্ভত প্ৰতিক্ৰিয়া নোমল মমিনৰ - মানসিক বিকাৰগ্ৰস্ত লোকজনে ব্যৱহাৰ কৰা কিট
ই টিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ। বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ লখৰা চাৰিআলিৰ এটা ডাষ্টবিনৰ পৰা মানসিক বিকাৰগ্ৰস্ত লোক এজনে ব্যৱহাৰ কৰা পি পি কিটৰ এক বাতৰি পোনপ্ৰথমে ই টিভি ভাৰতত সম্প্ৰচাৰ হোৱাৰ পিছতে বিভিন্ন মহলত চৰ্চিত হয় এই বিষয়টো । লগতে পোন প্ৰথমবাৰৰ বাবে এই বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক তথা চিকিৎসক ডাঃ নোমল মমিনে ।
![ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ ডাষ্টবিন পৰা পি পি কিট পৰিধান সন্দৰ্ভত প্ৰতিক্ৰিয়া নোমল মমিনৰ ডাষ্টবিনৰ পি পি কিট পৰিধান কৰা সন্দৰ্ভত কি ক’লে বিধায়ক নোমল মমিনে?](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7213115-thumbnail-3x2-numal.jpg)
লগতে মানসিক বিকাৰগ্ৰস্ত লোকজনে ব্যৱহাৰ কৰা কিটটো যদি কোভিড-19ত আক্ৰান্ত ৰোগীসকলৰ চিকিৎসাৰ সময়ত ব্যৱহাৰ কৰা কিট হয় তেন্তে এয়া এক ভয়ংকৰ ঘটনা বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে ৷ আনহাতে কেৱল পি পি কিটসমূহ নহয়, মুখত ব্যৱহাৰ কৰা মাস্কসমূহো য’তে-ততে নেপেলাই অতি সাৱধানে নিষ্কাশন কৰিব লাগে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে । ইয়াৰোপৰি স্বাস্থ্য মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মায়ো এই ঘটনাৰ উচিত তদন্তৰ বাবে প্ৰশাসনক নিৰ্দেশ দিয়ে বুলি বিধায়কগৰাকীয়ে সদৰী কৰে ৷
লগতে পঢ়ক : অসমত উৎপাদিত ফলমুলৰ ব্যৱসায় হ'ব পাৰে আত্মনিৰ্ভৰশীলতাৰ অন্যতম উপায় !