অসম

assam

By

Published : Sep 22, 2019, 11:03 PM IST

Updated : Sep 22, 2019, 11:32 PM IST

ETV Bharat / state

ইটিভিৰ বাতৰিৰ প্ৰভাৱঃ ন ৰূপত জিলিকিছে জালুকবাৰী আৰক্ষী থানা

কদৰ্যময় পৰিৱেশত থকা মালিগাঁওস্থিত জালুকবাৰী আৰক্ষী থানাৰ চৌপাশ পৰিষ্কাৰ কৰিলে গুৱাহাটী পৌৰ নিগমে । যোৱা দুদিন পূৰ্বে ইটিভি ভাৰতত সম্প্ৰচাৰিত হৈছিল সদাব্যস্ত মালিগাঁৱৰ স্বচ্ছতাৰ প্ৰকৃত ছবি ।

ন ৰূপত জিলিকিছে জালুকবাৰী আৰক্ষী থানা

মালিগাঁও, 22 চেপ্টেম্বৰঃ সংবাদ মাধ্যমৰ ধাৰাবাহিক বাতৰিৰ পিছত গা লৰিল স্বচ্ছতাৰ নামত ন ন পদক্ষেপ লোৱা বুলি কথাৰ ফুলজাৰি মৰা গুৱাহাটী পৌৰ নিগমৰ । কদৰ্যময় পৰিৱেশত থকা মালিগাঁওস্থিত জালুকবাৰী আৰক্ষী থানাৰ চৌপাশ চাফাই কৰিলে বিভাগীয় কৰ্তৃপক্ষই । যোৱা দুদিন পূৰ্বে ইটিভি ভাৰতত সম্প্ৰচাৰিত হৈছিল সদাব্যস্ত মালিগাঁৱৰ স্বচ্ছতাৰ প্ৰকৃত ছবি । অতি কদৰ্যময় পৰিৱেশত আছিল জালুকবাৰী আৰক্ষী থানা । মালিগাঁৱৰ প্ৰতিটো পদপথ পৰিণত হৈছিল ডাষ্টবিনলৈ । কিন্তু এতিয়া চূণ তেল সানি চাফা কৰিলে থানা চৌহদ । তাৰোপৰি আৰক্ষী থানাৰ সন্মুখভাগৰ পৰা লেতেৰা আৱৰ্জনা আতৰালে গুৱাহাটী পৌৰ নিগমে । প্ৰশ্ন হয় স্বচ্ছ ভাৰতৰ কথা কোৱা চৰকাৰ তথা গুৱাহাটী পৌৰ নিগমৰ চকুত নপৰে নেকি এইসমূহ দৃশ্য । কেৱল সংবাদ মাধ্যমৰ বাতৰিৰ পিছতহে গা লৰে বিভাগীয় কৰ্তৃপক্ষৰ । স্মাৰ্ট মহানগৰৰ নাম যেন এটা ফটা ঢোল ৷ ইফালে চৰকাৰ তথা পৌৰ নিগমক কেৱল পদক্ষেপতে সীমাবদ্ধ নাথাকি হাতে কামে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

ন ৰূপত জিলিকিছে জালুকবাৰী আৰক্ষী থানা
Last Updated : Sep 22, 2019, 11:32 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details