গুৱাহাটী, ২৯ আগষ্ট:শেহতীয়াকৈ ঘোষণা হোৱা ‘৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ৰ বিভিন্ন শিতানত অসমৰ কেইবাখনো চলচ্চিত্ৰ তথা কলা-কুশলীয়ে অসমলৈ সুনাম কাঢ়িয়াই আনিবলৈ সক্ষম হৈছে। অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে ৰজতকমল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে অসমীয়া ছবি 'অনুৰ'। বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ গল্পৰ আধাৰত নিৰ্মাণ কৰা ছবি 'অনুৰ'ৰ এই সফলতাৰ বাবে আনন্দিত কলা-কুশলী তথা পৰিচালক।
ছবিখনৰ এই সফলতাৰ পাচত উৎফুল্লিত পৰিচালক মঞ্জুল বৰুৱা । শেহতীয়াকৈ ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এই সন্দৰ্ভত মঞ্জুল বৰুৱাই কয়- আমি অনুৰ ছবিখন যি ধৰণে কষ্ট কৰি নিৰ্মাণ কৰি উলিয়াইছিলো, ছবিখনৰ বাবে প্ৰতিগৰাকী কলা-কুশলীয়ে কষ্ট কৰিছিল, তেওঁলোকৰ সেই কষ্ট, ত্যাগ, সময়ৰে ছবিখন নির্মাণ কৰা হৈছিল । ছবিগৃহত মুক্তি লাভ কৰাৰ পাচত ছবিখনক ৰাইজে খুৱ মৰমেৰে আদৰি লৈছিল। ছবিখনে কিবা এটা স্বীকৃতি লাভ কৰাটো বহুজনে আশা কৰিছিল । এতিয়া সেই স্বীকৃতিটো আহিলে আৰু তাৰ বাবে এতিয়া আমি খুব সুখী হৈছোঁ ।
'অনুৰ' ছবিখনৰ কাহিনী সন্দৰ্ভত মন্তব্য কৰি মঞ্জুল বৰুৱাই কয়- এগৰাকী বৃদ্ধা মহিলাৰ জীৱন সংগ্ৰামৰ ওপৰত ছবিখন নিৰ্মাণ কৰা হৈছে । অনুৰাধা শৰ্মা পূজাৰীৰ এটি চুটি গল্পৰ আধাৰত চিত্ৰনাট্য নিৰ্মাণ কৰা হৈছিল। উল্লেখ্য যে 'অনুৰ' ছবিখন ছবিগৃহলৈ অহাৰ সময়ছোৱাত অশেষ কষ্টৰ পিচতো যেন অসমীয়াৰ পৰ্যাপ্ত মৰম, সন্মান আৰু স্বীকৃতিৰ পৰা বঞ্চিত হ’ল ছবিখন । শ্বাহৰুখ খানৰ ছবি "পাঠান" সেই একেই সময়ছোৱাত মুক্তি লাভ কৰাৰ বাবে অসমীয়া ছবি "অনুৰ"ৰে প্ৰথম অৱস্থাত লাভ কৰা নাছিল ছবিগৃহ ।