অসম

assam

ETV Bharat / state

আজি শুনক গান, কাইলৈ আমি লৈ আহিম ফেশ্বন টিপছ - ফেশ্বন টিপছ

Singer Sanjeeta Khaund: সংগীত ক্ষেত্ৰৰ লগতে ফেশ্বন ক্ষেত্ৰতো প্ৰতিষ্ঠিত অসমৰ এগৰাকী শিল্পীৰ কাহিনী...

Sanjeeta Khaund interview
এগৰাকী শিল্পীৰ কাহিনী...

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 8:08 PM IST

Updated : Dec 19, 2023, 4:10 PM IST

গুৱাহাটী, 18 ডিচেম্বৰ : সঞ্জিতা খাউণ্ড, অসমৰ এনে এগৰাকী শিল্পী, যিয়ে দুটাকৈ বিশেষ ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰি অসমৰ নাম উজলাবলৈ সক্ষম হৈছে ৷ মায়া নগৰী তথা সপোন নগৰী মুম্বাইত থাকি আগ্ৰহ থকা দুয়োটা ক্ষেত্ৰতে সুন্দৰভাৱে কাম কৰি গৈছে সঞ্জিতাই ৷

সংগীত ক্ষেত্ৰৰ লগতে ফেশ্বন ক্ষেত্ৰতো প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ এইগৰাকী শিল্পী । ১৩ বছৰ ধৰি মুম্বাইত থাকি সংগীতৰ লগতে চলাই গৈছে ফেশ্বন ডিজাইনিঙৰ কামো ।

আজি আপোনালোকলৈ আগবঢ়াইছো সঞ্জিতা খাউণ্ডৰ কাহিনী । জন্মৰে পৰা এটি সংস্কৃতিবান পৰিয়ালত ডাঙৰ-দীঘল হৈ সংগীতৰ কাষ চাপিছিল সঞ্জিতা । মাতৃ আছিল অনাতাঁৰ কেন্দ্ৰৰ শিল্পী । মাতৃৰ পৰাই সংগীতৰ শিক্ষা লাভ কৰিছিল সঞ্জিতাই । পঞ্চম শ্ৰেণীৰ পৰাই মঞ্চত গীত গাই আহিছে শিল্পী গৰাকীয়ে । কিন্তু কেৱল সংগীতৰ লগতেই নহয়, ফেশ্বন জগতৰ লগতো জড়িত সঞ্জিতা খাউণ্ড ।

দীৰ্ঘদিন ধৰি মুম্বাইত থাকি সংগীতৰ লগতে ফেশ্বন ডিজাইনৰ কামো কৰি আছে শিল্পীগৰাকীয়ে । শিল্পীগৰাকীয়ে ইতিমধ্যে বহুকেইটা বিহুসুৰীয়া আধুনিক গীত, বিহু গীত, গজল উপহাৰ দিছে শ্ৰোতা ৰাইজক । বৰ্তমানেও চলি আছে বহুকেইটা গীতৰ কাম । এই সন্দৰ্ভত মন্তব্য কৰি শিল্পীগৰাকীয়ে কয়, ‘বহু কেইটা গীতৰ কাম হাতত লৈছোঁ । নৱবৰ্ষতে মুক্তি লাভ কৰিব গীত কেইটাই । গীত কেইটাৰ কাম ইতিমধ্যে চলি আছে । নতুন বছৰতে ৰাইজে শুনিবলৈ পাব’ ।

কাইলৈ আপোনালোকলৈ আগবঢ়াম সঞ্জিতা খাউণ্ডৰ আন এক অধ্যায় য’ত আপোনালোকে পাব চামাৰ, উইণ্টাৰ তথা ৱেডিং ফেশ্বনৰ টিপছ ৷ পৰৱৰ্তী প্ৰতিবেদনৰ বাবে অপেক্ষা কৰক ৷

লগতে পঢ়ক :ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত উপস্থিত থাকি কি ক’লে প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা প্ৰকাশ ঝাই ?

Last Updated : Dec 19, 2023, 4:10 PM IST

ABOUT THE AUTHOR

...view details