অসম

assam

ETV Bharat / state

ETV Interview: অভিলেখ সৃষ্টি কৰা ‘‘শ্ৰী ৰঘুপতি’’ৰ প্ৰযোজকৰ মনৰ কথাৰে - ETV Interview

জনপ্ৰিয়তাৰ অভিলেখ সৃষ্টি কৰি ‘‘শ্ৰী ৰঘুপতি’’য়ে বিগত ১০ সপ্তাহত বক্স অফিচত কালেকচন কৰিলে ১৩.৮১ কোটি টকা । ছবি জগতত প্ৰথম খোজ দিয়েই প্ৰয়োজক শৈলেন শৰ্মাই লাভ কৰিলে অভূতপূৰ্ব সফলতা । ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰত প্ৰযোজক শৰ্মাই ক’লে ছবিখনৰ আঁৰৰ বহু কথা ৷

ETV Interview
শ্ৰী ৰঘুপতিৰ প্ৰযোজকৰ মনৰ কথাৰে

By

Published : Aug 12, 2023, 2:34 PM IST

Updated : Aug 12, 2023, 3:46 PM IST

শ্ৰী ৰঘুপতিৰ প্ৰযোজকৰ মনৰ কথাৰে

গুৱাহাটী, ১২ আগষ্ট :অসমীয়া চিনেমা জগতত বিশেষ চৰ্চা লাভ কৰা ‘‘শ্ৰী ৰঘুপতি’’য়ে জনপ্ৰিয়তাৰ অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । এই ছবিখনে বক্স অফিচত খলকনি তোলাৰ লগতে ইতিমধ্যে ১৩.৮১ কোটিৰো অধিক টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে । যিটো অসমীয়া ছবি জগতৰ বাবে অভিলেখ ।

শ্ৰী ৰঘুপতিৰ সফলতাই অসমীয়া ছবিজগতৰ বাবে আশাৰ সঞ্চাৰ কৰিছে । বিগত ১০ সপ্তাহ ধৰি ছবিগৃহত এই চলচ্চিত্ৰখন চলিছে । ৫ জুনত মুক্তি লাভ কৰা চলচ্চিত্ৰখনৰ জনপ্ৰিয়তাৰ প্ৰমাণ ইয়াৰ বক্স অফিচৰ কালেকচনৰ পৰা সহজতে অনুমান কৰিব পাৰি ।

লক্ষণীয় বিষয় যে, বিগত সময়ছোৱাত ছবিখনৰ সফলতাৰ ক্ষেত্ৰত সকলোৱে অন স্ক্ৰিনত থকা সকলক লৈ বিশেষ চৰ্চা কৰিছে । ছবিখনৰ আঁৰত থকা এই বিশেষ ব্যক্তিজন হৈছে ছবিখনৰ প্ৰযোজক শৈলেন শৰ্মা । এই ছবিখন হৈছে তেওঁৰ প্ৰয়োজনাৰ প্ৰথমখন ছবি ।

লগতে পঢ়ক :ETV Interview: শ্ৰী ৰঘুপতিত বলিষ্ঠ অভিনয় কৰা প্ৰবীণ অভিনেতা অৰুণ নাথৰ সৈতে ইটিভি ভাৰতৰ সাক্ষাৎকাৰ

চিনেমা জগতত প্ৰথম খোজ দিয়েই অভূতপূৰ্ব সফলতা লাভ কৰা প্ৰয়োজক শৈলেন শৰ্মাই ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰত ক'লে ছবিখনৰ আঁৰৰ বহু কথা । তেওঁ কয় যে প্ৰায় আঢ়ৈ কোটি টকা ব্যয় হোৱা ছবিখনে বক্সঅফিচত ১৩.৮১ কোটি টকা কালেকচন কৰিবলৈ সক্ষম হৈছে । ইয়াৰ পূৰ্বে অসমীয়া চিনেমাই ইমান কালেকচন কৰিবলৈ সক্ষম হোৱা নাছিল ।

লগতে পঢ়ক :ETV Interview: ছুপাৰ ষ্টাৰ ৰবি শৰ্মাৰ সৈতে শ্ৰী ৰঘুপতিৰ আঁৰৰ কাহিনী

চিনেমা এখন কৰাৰ দুৰ্বাৰ হাবিয়াহ থকা শৈলেন শৰ্মাই এই ছবিখন কৰাৰ বাবে অভিনেতা ৰবি শৰ্মাৰে যোগাযোগ কৰি আগবাঢ়ি আহিছিল । এনে এক সফলতা লাভ কৰিব বুলি কল্পনা কৰা নাছিল যদিও তেওঁ ছবিখনৰ বাবে সকলো কৰিছিল। ছবিখনক লৈ হোৱা বিতৰ্কই ছবিখনক সহায় কৰিলে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ছবিখনৰ কাহিনী ভাল আৰু কাৰিকৰী যথেষ্ট নতুনত্ব আছে বাবে দৰ্শকে আকোৱালি লৈছে ।

বিতৰ্কৰ বিষয়টো ৰাইজে বিবেচনা কৰিব বুলি তেওঁ কয়। আনহাতে পাইৰেচিৰ বাবে ছবিখনে যথেষ্ট পৰিমাণে ক্ষতিৰ সন্মুখিন হোৱা বুলি তেওঁ কয়। ছবিখনৰ সফলতাৰ পাছত তেওঁ যথেষ্টখিনি পৰৱৰ্তী পৰিকল্পনা কৰিছে । উল্লেখ্য যে মুক্তিৰ পাচতে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰা ছবিখন ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ছবিগৃহৰ লগতে দিল্লী, মুম্বাই, হায়দাবাদ, বাংগালুৰুকে ধৰি কেইবাখনো ৰাজ্যৰ ছবিগৃহত শ্ৰী ৰঘুপতি প্ৰদৰ্শিত হৈছিল ।

লগতে পঢ়ক :ETV Interview: ছুপাৰষ্টাৰ ৰবি শৰ্মাৰ সৈতে শ্ৰী ৰঘুপতিৰ আঁৰৰ কাহিনী-2

Last Updated : Aug 12, 2023, 3:46 PM IST

ABOUT THE AUTHOR

...view details