অসম

assam

ETV Bharat / state

ক'ত আৰু কিমান টকাত পোৱা যায় ড্ৰাগছ ? ETV Bharatৰ ষ্টিং অপাৰেশ্বন - আৰক্ষী আয়ুক্ত দীপক কুমাৰ

ৰাজ্যত অবাধ হাৰত বৃদ্ধি পাইছে ড্ৰাগছৰ ৰমৰমীয়া বেহা । কেৱল কিশোৰেই নহয়, কিশোৰীও আসক্ত মাৰাত্মক ড্ৰাগছৰ কৱলত ৷ ETV Bharatৰ কেমেৰাত বন্দী Exclusive দৃশ্য ৷

ড্ৰাগছক লৈ ETVৰ ষ্টিং অপাৰেশ্বন

By

Published : Oct 12, 2019, 7:52 PM IST

Updated : Oct 12, 2019, 8:22 PM IST

গুৱাহাটী, 12 অক্টোবৰঃ ৰাজ্যত ভয়ানকভাৱে বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা ৷ ড্ৰাগছৰ চোৰাং ৰমৰমীয়া বেহাই এফালৰ পৰা গ্ৰাস কৰি গৈছে ৰাজ্যৰ যুৱ-প্ৰজন্মক ৷ কেৱল কিশোৰেই নহয়, কিশোৰীও আসক্ত ড্ৰাগছৰ মাৰাত্মক নিচাত ৷

অধিক পঢ়কঃ ৰঙাপাৰাত নৃশংস হত্যাকাণ্ডঃ ঘৰৰ ভিতৰতে হানি-খুচি হত্যা শাহু-বোৱাৰীক

ৰাজ্যৰ আন প্ৰান্তত নহয়, খোদ মহানগৰীতে ETV Bharatৰ সাংবাদিক হিৰুল হকৰ কেমেৰাত বন্দী যুৱ-প্ৰজন্ম ধ্বংসৰ মাৰাত্মক প্ৰতিচ্ছবি ৷ মহানগৰীৰ অলিয়ে-গলিয়ে এতিয়া ঘাটি পাতিছে ড্ৰাগছ ব্যৱসায়ীয়ে ৷ তাৰেই প্ৰমাণ আমাৰ এই প্ৰতিবেদন ৷

মহানগৰীৰ পাণ্ডু-মালিগাঁও, কামাখ্যা গেট, ভূটনাথ আদি অঞ্চলত ব্যাপক হাৰত বৃদ্ধি পাইছে নিষিদ্ধ ড্ৰাগছৰ মুকলি বেহা । যাৰ ফলত অঞ্চলটোত সঘনাই হৈ আছে চুৰি-ডকাইতিৰ দৰে ঘটনা । কিন্তু ইমানৰ পাছতো শিক্ষা লোৱা নাই মহানগৰ আৰক্ষীয়ে ।

ড্ৰাগছক লৈ ETVৰ ষ্টিং অপাৰেশ্বন

অধিক পঢ়কঃ শংকৰ চাহ বাগিছাৰ অপহৰণ কাণ্ডৰ আঁৰত আলফা স্বাধীন

ইতিমধ্যে আৰক্ষী আয়ুক্ত দীপক কুমাৰে ড্ৰাগছ ৰোধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণৰ কথা উল্লেখ কৰিছে যদিও বাস্তৱত সেয়া ফলপ্ৰসূ হোৱা নাই । অপৰাধ অনুসন্ধান শাখা আৰু আৰক্ষীয়ে মাজে সময়ে অভিযান চলাই ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে যদিও দুই এদিনতে পুনৰ আৰম্ভ হয় ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ কেৱল মহানগৰীয়ে নহয়, সমগ্ৰ ৰাজ্যতেই এতিয়া সুলভ মাৰাত্মক ড্ৰাগছ ৷

Last Updated : Oct 12, 2019, 8:22 PM IST

ABOUT THE AUTHOR

...view details