গুৱাহাটী, 9 ডিচেম্বৰ :সম্প্ৰতি সমগ্ৰ অসমত এতিয়া ৰাজনৈতিক ধুমুহা বলিছে । অব্যাহত বিটিচিৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া । তাৰ মাজতে সমাগত 2021 চনৰ বিধানসভা নিৰ্বাচন ৷ ইতিমধ্যে, বিধানসভা নিৰ্বাচনৰ বাবে ৰাজনৈতিক দল সমূহে নিজকে শক্তিশালী কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে ।
কোন দলে কিমান হাইপ্ৰফাইল লোকক দললৈ আনি চমক দিব পাৰে তাৰ যেন এক অঘোষিত প্ৰতিযোগিতাৰ সৃষ্টি হৈছে । তেনে সময়তে হেজাৰৰ ঘৰ অতিক্ৰম কৰাকৈ দৈনিক অসমৰ শিল্পী, কলা-কুশলীয়ে ৰাজনৈতিক দললৈ ঢাপলি মেলিছে ।