গুৱাহাটী,25 মেঃ ইটিভি ভাৰতৰ সৈতে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ সাক্ষাৎকাৰ । কৰ'ণা ভাইৰাছে সৃষ্টি কৰা শেহতীয়া পৰিস্থিতি, ইয়াৰ লগত মোকাবিলা কৰা বিভিন্ন উপায় আৰু লক ডাউনৰ সুবিধা লৈ চৰকাৰে গ্ৰহণ কৰা কিছু সিদ্ধান্ত সন্দৰ্ভত মতামত আগবঢ়ায় আছুৰ উপদেষ্টাগৰাকীয়ে । চৰকাৰে জনসাধাৰণৰ বাবে গ্ৰহণ কৰা সকলো সিদ্ধান্ততে ৰাইজে সমৰ্থন প্ৰদান কৰিছে । কাৰণ ই ৰাইজৰ হিতৰ বাবে গ্ৰহণ কৰা ব্যৱস্থা । কিন্তু লকডাউনৰ সুবিধা লৈ জনবিৰোধী যিবোৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে সেইয়া কোনোপধ্যেই গ্ৰহণযোগ্য নহয় । যদিও ৰাইজে ৰাস্তালৈ ওলাই আহি ইয়াৰ প্ৰতিবাদ কৰা নাই কিন্তু সামাজিক মাধ্যমত ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হৈছে । আৰু ই ৰাইজৰ জনমতক প্ৰদৰ্শন কৰিছে ।
ৰাজ্যৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ মতামত কৰ'ণা ভাইৰাছ সন্দৰ্ভত মন্তব্য কৰি আছুৰ উপদেষ্টা গৰাকীয়ে কয় যে, বিশ্ববাসী কৰ'ণা ভাইৰাছৰ দৰে পৰিস্থিতিৰ মুখামুখি আগতে হোৱা নাছিল । এই ৰোগবিধে ভাৰতৰ লগতে অসমৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলাইছে । প্ৰতিদিনে অসমত আক্ৰান্ত ৰোগীসকলৰ সংখ্যা বৃদ্ধি পাইছে । এই ৰোগ প্ৰতিৰোধৰ সম্পূৰ্ণ দায়িত্ব চৰকাৰৰ । কিন্তু এই ক্ষেত্ৰত সাধাৰণ ৰাইজো সচেতন হৈ সুৰক্ষাজনিত ব্যৱস্থাসমূহ কঠোৰভাৱে পালন কৰাটো প্ৰয়োজনীয় । ৰাইজে প্ৰতিটো পদক্ষেপতে চৰকাৰক সহায় আগবঢ়াই আহিছে । এই দুৰ্যোগৰ সময়ত চিকিৎসকসকল ভগৱানৰ দূত হিচাপে পৰিগণিত হৈছে । সকলো লোকেই নিৰন্তৰভাৱে ৰাইজৰ হকে কাম কৰি যোৱা চিকিৎসক, চিকিৎসা কৰ্মী, চাফাই কৰ্মী, আৰক্ষী, অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত লোকসকল, সাংবাদিকসকলক কৃতজ্ঞতা জ্ঞাপন কৰি তেঁওলোকক সহযোগ কৰাটো প্ৰয়োজন ।
চিকিৎসা খণ্ডত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ মতামত চৰকাৰৰ সৈতে আছুৰ বহু দিশত নীতিগত পাৰ্থক্য আছে যদিও এই সময়টো উপযুক্ত নহয় এনে ধৰণৰ আলোচনাৰ বাবে । শেহতীয়াকৈ শিক্ষানুষ্ঠানসমূহৰ উপৰিও বিশ্ববিদ্যালয়ৰ হোষ্টেলসমূহ কোৱাৰেন্টাইন চেন্টাৰ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । কিন্তু এই ক্ষেত্ৰত চৰকাৰে এটা কথাত গুৰুত্ব প্ৰদান কৰাটো প্ৰয়োজন যে ইয়াৰ দ্বাৰা শিক্ষাৰ্থীসকলৰ কোনো ধৰণৰ ক্ষতি নহওক । আনহাতে ছাত্ৰ-ছাত্ৰীসকল যাতে স্বাস্থ্যজনিত কোনো সমস্যাৰ সন্মুখীন নহয় তাৰে বাবেও ব্যৱস্থা গ্ৰহণ কৰিব লাগিব চৰকাৰে ।
শিক্ষাৰ ক্ষেত্ৰত সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ মতামত ইয়াৰ উপৰিও শিক্ষাপ্ৰদানৰ ক্ষেত্ৰটো কেইবাটাও সংস্কৰণ লোৱা হৈছে যদিও আৰু কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিব পাৰি । চলিত বৰ্ষত শৈক্ষিক বন্ধৰ দিন হ্ৰাস কৰিব পাৰে শিক্ষা বিভাগে ৷ ইয়াৰ উপৰিও শনিবাৰৰ দিনটোতো পাঠদান অব্যাহত ৰাখিব পাৰি । বিশেষ শ্ৰেণীৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি । যিহেতু এক স্বাস্থ্যজনিত ভয়ংকৰ পৰিস্থিতিৰ আমি সন্মুখীন হৈছো সেয়েহে এটা বছৰতে সকলো পাঠ্যক্ৰম শেষ কৰাৰ নীতিত কিছু শিথিলতা অনাৰ ব্যৱস্থা কৰিব লাগে । বহু দীৰ্ঘ আলোচনাৰ অন্তত অসমৰ সামাজিক পটভূমি, প্ৰাকৃতিক পৰিৱেশ আদিৰ ওপৰত ভিত্তি কৰি অসমত 1 জানুৱাৰীৰ পৰা 31 ডিচেম্বৰৰ শৈক্ষিক দিনপঞ্জী ধাৰ্য কৰা হৈছিল । কিন্তু কৰ'ণাৰ আঁৰলৈ ইয়াক সলনি কৰা বা ইয়াক লৈ বিতৰ্ক কৰাটো অনুচিত হ'ব । আনহাতে, অনলাইন শিক্ষা ব্যৱস্থাটো ভাল যদিও অনলাইন শিক্ষাৰ বাবে পৰ্যাপ্ত সুবিধা নাই ছাত্ৰ-ছাত্ৰীসকলৰ । সেয়েহে অনলাইনত সম্পূৰ্ণ শিক্ষা ব্যৱস্থাত সাঙুৰি লোৱাটো ভূল হ'ব ।
অৰ্থনৈতিক ক্ষেত্ৰত সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ মতামত আমাৰ জীৱনশৈলীৰ পৰিৱৰ্তন ঘটিছে । গতিকে প্ৰতিটো পৰিয়ালকে জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব পৰা পৰিৱেশৰ প্ৰয়োজন ইয়াৰ লগতে ৰাজ্যৰ প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীকে মৰ্যদা সহকাৰে জীয়াই থকা পথৰ সন্ধান পোৱাটো প্ৰয়োজনীয় । ইয়াৰ উপৰিও বহিঃৰাজ্যত কৰ্মৰ সন্ধানত যোৱা হাজাৰ হাজাৰ ল'ৰা-ছোৱালী ঘৰলৈ উভটি আহিছে । তেওঁলোকেও পৰ্যাপ্ত সুবিধা লাভ কৰিব লাগিব । ইয়াৰ বাবে অসমত প্ৰয়োজন হ'ব এক সু-পৰিকল্পিত দীৰ্ঘম্যাদী অৰ্থনীতিক পৰিকল্পনাৰ । প্ৰতিটো ক্ষেত্ৰতে আমাৰ যথেষ্ট সুযোগ আছে কিন্তু আমি এই সংকটাপন্ন ক্ষেত্ৰসমূহক সহযোগ আগবঢ়াব লাগিব ।
দিহিং পাটকাই সন্দৰ্ভত সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ মতামত আনহাতে, তৈলেক্ষেত্ৰৰ ব্যক্তিগতকৰণ আৰু দিহিং পাটকাই হস্তী বনাঞ্চলত কয়লাৰ মুক্ত খননৰ ওপৰতো মন্তব্য আগবঢ়ায় আছুৰ উপদেষ্টা গৰাকীয়ে । তেখেতে কয় যে, তৈলক্ষেত্ৰসমূহকো ব্যক্তিগতকৰণ নকৰি তাত নতুন প্ৰযুক্তিৰ সংযোজন ঘটোৱাৰ বাবে চৰকাৰক আহ্বান সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ ।
লগতে পঢ়ক-অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলসমূহ হ'ব কোৱাৰেণ্টাইন চেন্টাৰ