গুৱাহাটী, 4 জুনঃ মহামাৰী ক'ভিডৰ ত্রাসৰ মাজতে দেশজুৰি BLACK FUNGUS-ক লৈ আন এক আতংকৰ সৃষ্টি হৈছে ৷ অসমতো ইতিমধ্যে এজন লোকৰ ব্লেক ফাংগাছত মৃত্যু হৈছে আৰু কেইবাগৰাকী BLACK FUNGUS-ত আক্ৰান্ত হোৱাৰ খবৰ প্ৰকাশ পাইছে ৷ তেনেস্থলত সৰ্বসাধাৰণ লোক শংকিত হোৱাটো স্বাভাৱিক ।
ব্লেক ফাংগাছ সন্দৰ্ভত ডাঃ ডিনা ৰাজাৰ ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ - BLACK FUNGUS
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মাইক্ৰবায়'লজীষ্ট বিভাগৰ সহযোগী অধ্যাপক ডাঃ ডিনা ৰাজাৰ সৈতে ইটিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ । সাক্ষাৎকাৰত BLACK FUNGUS সন্দৰ্ভত বহু কথাই ক'লে ডাঃ ডিনা ৰাজাই ৷
ব্লেক ফাংগাছক লৈ শংকিত হোৱাৰ কোনো কাৰণ নাই
বৰ্তমান সময়ত এই BLACK FUNGUS-ক লৈ মানুহৰ মনত নানান প্ৰশ্নৰ অৱতাৰণা হৈছে । BLACK FUNGUS সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মাইক্ৰবায়'লজীষ্ট বিভাগৰ সহযোগী অধ্যাপক ডাঃ ডিনা ৰাজাই ৷ BLACK FUNGUS আচলতে কি ? ই সংক্ৰমিত হয় নে ? আদি প্ৰশ্নৰ উত্তৰত বহু কথাই ক'লে ডাঃ ডিনা ৰাজাই ৷
লগতে পঢ়ক: বৃদ্ধাশ্ৰমৰ পৰা পুত্ৰই ঘৰলৈ নিলে বৃদ্ধ পিতৃক