অসম

assam

ETV Bharat / state

Mayuri Dutta exclusive interview: কণ্ঠশিল্পী ময়ূৰী দত্তৰ অনুৰাগীৰ বাবে সুখবৰ, শীঘ্ৰেই বিয়াত বহিব ময়ূৰী দত্ত ! - কণ্ঠশিল্পী ময়ূৰী দত্তৰ অনুৰাগীৰ বাবে সুখবৰ

বিদ্যালয়ত পঢ়ি থাকোতেই কাৰ প্ৰেমত পৰিছিল কণ্ঠশিল্পী ময়ূৰী দত্তই ? কিহৰ কাৰণে মাতৃৰ লগত কাকপথাৰৰ ঘৰখন এৰি গুৱাহাটীলৈ আহি লগীয়া হ’ল। প্ৰত্যাহ্বানসমূহ কেনেদৰে গ্ৰহণ কৰে কণ্ঠশিল্পী গৰাকীয়ে ? সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Etv Bharat Assam's Special interview with Assamese singer Mayuri Dutta, Know unknown facts about Mayuri Dutta
ইটিভি ভাৰতৰ সৈতে কণ্ঠশিল্পী ময়ূৰী দত্তৰ সাক্ষাৎকাৰ

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 5:01 PM IST

ইটিভি ভাৰতৰ সৈতে কণ্ঠশিল্পী ময়ূৰী দত্তৰ সাক্ষাৎকাৰ

গুৱাহাটী, ১১ ছেপ্টেম্বৰ: শৈশৱৰ পৰাই এগৰাকী ভাল কণ্ঠশিল্পী হোৱাৰ মন আছিল কণ্ঠশিল্পী ময়ুৰী দত্তৰ । সেই সপোন বুকুত বান্ধি ২০১১ চনত মাতৃৰ সৈতে কাকপথাৰৰ ঘৰখন এৰি গুৱাহাটীলৈ আহিছিল কণ্ঠশিল্পীগৰাকী । প্ৰথমে তিনি মাহৰ বাবে মাতৃৰ সৈতে গুৱাহাটীলৈ আহিছিল কণ্ঠশিল্পীগৰাকী । শৈশৱৰ পৰা সংগীতৰ সৈতে জড়িত আছিল যদিও, গুৱাহাটীলৈ অহাৰ পিচত আৰম্ভ হৈছিল সংগীতৰ নতুন যাত্রা ।

গুৱাহাটীলৈ অহাৰ পিচত ৰাইজক উপহাৰ দিছে বহু কেইটা গীত । বৰ্তমান সময়তো বহু কেইটা নতুন গানৰ কাম কৰি আছে শিল্পীগৰাকীয়ে । ইটিভি ভাৰতৰ সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সংগীতৰ সন্দৰ্ভত মন্তব্য কৰি ময়ূৰী দত্তই কয়- মোৰ মনত সংগীত হৈছে শব্দ-গীত-সুৰ-তাল-লয়-নৃত্যৰ সমাহাৰ । সংগীত খুব ধুনীয়া, সংগীত ঔষধ হয় । সংগীত বেয়া পোৱা কোনো মানুহ নাই । দুখ-সুখৰ লগৰী সংগীত ।

কেতিয়া হৈছিল প্ৰথম প্ৰেম ?

ইফালে প্ৰথম প্ৰেমৰ সন্দৰ্ভত মন্তব্য কৰি শিল্পীগৰাকীয়ে কয়- বিদ্যালয়ত পঢ়ি থাকোঁতে ইতিহাসৰ শিক্ষক এগৰাকীক ভাল লাগিছিল । সেয়াই চাগে প্ৰথম প্ৰেম । তাৰ পিছত জীৱনত বহুত প্ৰেম আহিল আৰু গ’ল । বৰ্তমানো প্ৰেমৰ প্ৰস্তাৱো বহুত আহি থাকে । কিন্তু সেই প্ৰস্তাৱ সমূহ গ্ৰহণ নকৰাৰ ক্ষেত্ৰত যাতে কোনো বেয়া নাপায় তাৰ বাবেও অনুৰোধ জনায় শিল্পীগৰাকীয়ে ।

কেতিয়া যুগ্ম জীৱনৰ পাতনি মেলিব কণ্ঠশিল্পীগৰাকীয়ে ?

ময়ুৰী দত্তৰ বিবাহ সন্দৰ্ভত প্ৰশ্ন সোধাত তেওঁ কয় যে- ‘‘বিয়াখন পাতিব লাগিব, যিহেতু সময়ৰ লগে লগে সকলোবোৰ হৈ যায় ৷ গতিকে বিয়াখন পাতিবই লাগিব ৷ অতি সোনকালেই ৰাইজে গম পাব ৷ সোনকালেই ভাল খবৰ ৰাইজ পাব ৷ অতি সোনকালেই জনাম ৷’’ অৱশ্যে তেওঁ স্পষ্টকৈ নক’লেও অতি সোনকালেই বিবাহপাশত আৱদ্ধ হ’ব বুলি ইংগিত দিয়ে ৷

বৰ্তমান সময়ত বহু নৱ- প্ৰজন্মৰ শিল্পী ওলাই আহিছে এইক্ষেত্ৰত কেতিয়াবা প্রত্যাহ্বানো আহি পৰে। এইক্ষেত্ৰত প্রত্যাহ্বানসমূহ কেনেদৰে মোকাবিলা কৰিব বুলি সোধা প্রশ্নৰ উত্তৰত কণ্ঠশিল্পীগৰাকীয়ে কয়- মানুহৰ জীৱনত প্রত্যাহ্বান থাকিলে ভাল । জীৱনত হাৰি হাৰি জিকি যোৱাৰ যি আনন্দ, সেই আনন্দই সুকীয়া। নতুন কলা-কুশলীবোৰ ওলাই আহিছে তেওঁলোকক দেখি ভাল লাগে ।

ইফালে সমাজিক মাধ্যমত অহা নিগেটিভ কমেণ্টবোৰৰ সন্দৰ্ভত মন্তব্য কৰি কয়- ৰাইজৰ অধিকাৰ আছে সমালোচনা কৰাৰ । বেয়া কিবা দেখিলে কিবা ক’ব পাৰে। কিন্তু ব্যক্তিগত জীৱনক লৈ মাত মাতিলে সেইটো মানি ল’বলৈ অকণমান টান হয়। ব্যক্তিগত জীৱনক লৈ যদি কোনো লোক অসন্তুষ্ট হয় তেন্তে সেয়া তেওঁলোকৰ সমস্যা।

লগতে পঢ়ক:Mayuri Dutta Fitness Routine: কণ্ঠশিল্পী ময়ূৰী দত্তই দৈনিক কেনেদৰে শৰীৰ চৰ্চা কৰে ?

ABOUT THE AUTHOR

...view details