অসম

assam

ETV Bharat / state

অসমত এতিয়া জনগোষ্ঠীয় উগ্ৰপন্থা শেষ হৈছে, পৰেশ বৰুৱাও শান্তিৰ পক্ষত: মুখ্যমন্ত্ৰী - Era of tribal militancy in Assam is over

‘অসমত ইতিমধ্যে জনগোষ্ঠীয় উগ্ৰপন্থা শেষ হৈছে । পৰেশ বৰুৱাও শান্তিৰ পক্ষলৈ আহিবলৈ আগ্ৰহী’ । 2022 বৰ্ষৰ পহিলা জানুৱাৰিত সাংবাদিকৰে হোৱা বাৰ্তালাপত এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Era of tribal militancy in Assam is over) ৷

tribal extremist and ulfa
অসমত এতিয়া জনগোষ্ঠীয় উগ্ৰপন্থা শেষ হৈছে, পৰেশ বৰুৱাও শান্তিৰ পক্ষত: মুখ্যমন্ত্ৰী

By

Published : Jan 1, 2022, 7:58 PM IST

গুৱাহাটী, ১ জানুৱাৰী:অসমত ইতিমধ্যে জনগোষ্ঠীয় উগ্ৰপন্থা শেষ হৈছে । কোনো এটা জনগোষ্ঠীৰ মাজত এতিয়া আৰু কোনো উগ্ৰপন্থী সংগঠন নাই । সকলো জনগোষ্ঠীয় উগ্ৰপন্থী সংগঠনে অস্ত্ৰ সম্বৰণ কৰি মূল সুঁতিলৈ ঘূৰি আহিছে (Era of tribal militancy in Assam is over)। বাকী আছেগৈ মাত্ৰ আলফা । পৰেশ বৰুৱা (ULFA chief Paresh Baruah)ও শান্তিৰ পক্ষলৈ আহিবলৈ আগ্ৰহী । তেওঁৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলা একাংশ বিশেষ ব্যক্তিয়ে এই কথা মোক জানিবলৈ দিছে । বাধা হৈ আছে মাথো ‘সাৰ্বভৌমত্ব’ৰ বিষয়টো । এই বিষয়টো কিদৰে নিস্পত্তি কৰি আলফাৰ সৈতেও আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিব পাৰি সেই বিষয়ে চিন্তাচৰ্চা কৰি থকা হৈছে ।এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ৰ ।

অসমত এতিয়া জনগোষ্ঠীয় উগ্ৰপন্থা শেষ হৈছে, পৰেশ বৰুৱাও শান্তিৰ পক্ষত: মুখ্যমন্ত্ৰী

2022 বৰ্ষৰ পহিলা জানুৱাৰীৰ দিনটোত ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক সকলৰ সৈতে এক অন্তৰংগ আলাপত ভাগ (CM meets journalists) লৈ মুখ্যমন্ত্ৰীয়ে এইদৰে কয় । তেওঁ আৰু কয় যে ইতিমধ্যে অস্ত্ৰ সম্বৰণ কৰা জনগোষ্ঠীয় উগ্ৰপন্থী সংগঠন সমূহৰ সদস্য সকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰে কৰিছে । কিন্তু এই ক্ষেত্ৰত এটা সমস্যাই দেখা দিছে । সেয়া হ'ল- অস্ত্ৰ সম্বৰণৰ সময়ত সংগঠন সমূহে চৰকাৰৰ হাতত যিমান সংখ্যক সদস্যৰ তালিকা দাখিল কৰে পৰৱৰ্তী সময়ত সেই তালিকাত নামৰ সংখ্যা বৃদ্ধি পায় ।

সেয়েহে এতিয়াৰে পৰা অস্ত্ৰ সম্বৰণৰ পূৰ্বেই উগ্ৰপন্থী সংগঠন সমূহে তেওঁলোকৰ সঠিক সদস্যৰ সংখ্যা চৰকাৰৰ ওচৰত জমা দিব লাগিব । আনহাতে, পৰেশ বৰুৱাও শান্তিৰ পক্ষত আছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বহুদিনীয়া এটা সমস্যা শেষ হোৱাৰ আৰম্ভণি এয়া । ইপিনে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বৰ্তমানৰ জনগোষ্ঠীৰ তালিকাভুক্ত সকলে এইক্ষেত্ৰত আপত্তি জনোৱাৰ বাবে বিষয়টো স্থবিৰ হৈ ৰৈছে (Sixth Schedule areas of Assam) । অৱশ্যে মৰাণ আৰু মটকৰ জনগোষ্ঠীকৰণ সন্দৰ্ভত ইতিমধ্যে এক মীমাংসালৈ অহা হৈছে ।

লগতে পঢ়ক :CM meets journalists: বছৰৰ পহিলা দিনটোত মুখ্যমন্ত্ৰীৰ "নতুন দিনৰ আলাপ"

ABOUT THE AUTHOR

...view details