অসম

assam

ETV Bharat / state

উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ আৰু পৰিৱেশ সম্পৰ্কীয় অনলাইন আলোচনী উন্মোচন

জৈৱ-বৈচিত্ৰ সংৰক্ষণৰ সংস্থা "আৰণ্যক"ৰ বিশেষ পদক্ষেপ ৷ পৰিবেশ সংৰক্ষণ সম্পৰ্কীয় বিষয় সমূহ জনসাধাৰণৰ ওচৰলৈ লৈ যাবলৈ সংস্থাটোৱে আৰম্ভ কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন পৰিবেশ সম্পৰ্কীয় অনলাইন আলোচনী ৷ উদীয়মান পৰিবেশ সাংবাদিক সকলক উদগণি যোগাবৰ বাবেই সংস্থাটোৰ এই প্ৰশংসনীয় পদক্ষেপ ৷

By

Published : May 2, 2020, 6:39 PM IST

environment based e magazine started by aaranyak
উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ আৰু পৰিবেশ সম্পৰ্কীয় অনলাইন আলোচনী শুভাৰম্ভ

গুৱাহাটী , 2 মেঃ উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰ সংৰক্ষণৰ অন্যতম সংস্থা আৰণ্যকে শনিবাৰে "ইক’ এন ই" নামৰ এখন অনলাইন আলোচনী তথা ডিজিটেল প্লেটফৰ্ম উন্মোচন কৰে ৷ উল্লেখ্য যে , উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱ-বৈচিত্ৰ আৰু পৰিৱেশ সম্পৰ্কীয় বিষয়সমূহ হ’ব এই আলোচনীখনৰ মুখ্য আকৰ্ষণ ৷ আজি গুৱাহাটীত "ইক’ এল ই" ৰ ৱেবচাইট www.econe.in ৰ অনলাইন উন্মোচন কৰা হয় ৷

আৰণ্যকৰ মুখ্য সচিব ড৹ বিভৱ কুমাৰ তালুকদাৰে কয় যে, উত্তৰ পূৰ্বাঞ্চলৰ বাবে "ইক’ এন ই"ৰ দৰে অনলাইন তথা ডিজিটেল মাধ্যমৰ খুৱেই প্ৰয়োজন আছে ৷ এই আলোচনীখনক সমগ্ৰ দেশৰ লগতে বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ পাৰিপাৰ্শ্বিক অনুকুলতা প্ৰকাশ মাধ্যমৰ জৰিয়তে নিশ্চিত কৰাৰ হকে উৎসৰ্গা কৰা হৈছে ৷

"ইক এন ই"ৰ মুখ্য সম্পাদক উদয়ণ বৰঠাকুৰে কয় যে , পৰিবেশ সংৰক্ষণৰ প্ৰতি আৰণ্যকে আগবঢ়োৱা প্ৰচেষ্টাৰ উপৰিও জনসাধাৰণৰ সমুখত এই বিষয় সমূহ সহজভাৱে দাঙি ধৰাটো অত্যন্তই গুৰুত্বপূৰ্ণ ৷ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ লেখক আৰু উদীয়মাণ পৰিবেশ সাংবাদিক সকলক উদগণি যোগোৱাটো এই আলোচনীখনৰ মুখ্য উদ্দেশ্য ৷ আলোচনীখন উদীয়মাণ প্ৰকৃতিপ্ৰেমী সকলৰ আলোকচিত্ৰ , গল্প , তথ্যচিত্ৰ আদি প্ৰকাশৰ বাবে আগ্ৰহী বুলিও মন্তব্য কৰে মুখ্য সম্পাদক গৰাকীয়ে ৷ আলোচনীখনত বিভিন্ন চিন্তামূলক প্ৰৱন্ধৰ আলোকপাত কৰাৰ লগতে পৰিবেশ সংৰক্ষণৰ বিভিন্ন বিষয় সমূহ সামৰি আৰণ্যকে অনুষ্ঠিত কৰা 'ইক' টক' নামৰ নতুন বাৰ্তালাপৰ শৃংখলাৰ সংযোজন কৰা হৈছে ৷

লগতে পঢ়কঃNSUIৰ সৰ্ব ভাৰতীয় সাধাৰণ সম্পাদকৰ পদত অসমৰ দেৱশ্ৰী বৰা

ABOUT THE AUTHOR

...view details